গুৱাহাটী, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ : ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল । সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ।

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় ” বিজেপি অগপৰ ইছ্যু এটাই। মোদীয়ে কৈছে তৰুণ গগৈয়ে বিদেশীক ৰঙা দলিছা পাৰি দিছে কিন্তু তেওঁ বিদেশী খেদাটো বাদেই এন আৰ চি খনেই ভালকৈ নকৰিলে। এন আৰ চি ৰ দায়িত্ব পালন কৰাত তেওঁলোকে গুৰুত্ব নিদিলে। যাৰ কাৰণে নতুন নতুন সমস্যা হৈছে।

ইফালে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই এনে দেখুৱাব গৈছে যেন সৰ্বানন্দ আচল মানুহ নহয় হিমন্তহে আচল। হিমন্ত বিশ্ব শৰ্মা দুই নম্বৰী সকলোৱে জানে। হিমন্ত বিশ্ব অসম চুক্তি ৰূপায়নত ব্যৰ্থ হৈ এতিয়া ওলোটা খৰ মাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব নিদিয়াই ভাল।

বিজেপিয়ে শৰণাৰ্থী সকলক নাগৰিকত্ব দিম বুলি কৈছিল কিন্তু ইয়াক অসম চুক্তিয়ে হে ভাৰতীয় নাগৰিকত্ব দিলে। এন আৰ চি অসম চুক্তিৰ ভিত্তিত তৈয়াৰ কৰা হৈছে। যেতিয়ালৈকে অসম চুক্তি আছে সেই চুক্তি আমি ভংগ কৰিবলৈ দিব নোৱাৰো। যি সকল ভাৰতীয় নাগৰিক তেওঁলোকৰ লগত আমি আছোঁ । সংবাদ মেলত এনেদৰেও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

গগৈয়ে আৰু কয় যে বিজেপি আৰু অগপই অপপ্ৰচাৰ কৰিছিল যে কংগ্ৰেছৰ দিনত ৪০ দিনত ৫০ লাখ বিদেশীক ৰক্ষণাবেক্ষণ দিছিল। তেনেহলে এতিয়া কিয় নোলালে। যি জন মহন্তই ৫০ লাখৰ কথা কৈছিল সেই মহন্তই এতিয়া ১৯ লাখ উলাওতেই সন্তুষ্টি প্ৰকাশ কৰিছে ।মানে তেওঁ মিছলিয়া। এন আৰ চি ৰ কাম প্ৰফুল্ল মহন্তৰ দিনত আৰম্ভ নকৰিলে কাৰণ তেওঁলোকে সমস্যা সমাধান কৰিব নিবিচাৰে।

এন আৰ চিত গোৰ্খা সম্প্ৰদায়ৰ বহু লোকৰ নাম বাদ পৰিছে ।একেটা পৰিয়ালৰ ৪জনৰ নাম আহিছে ৩ জনৰ নাই ।
আমি তেনে পৰিয়ালক আইনী সাহায্য আৰু দিহা পৰামৰ্শ দিম।