বৰপেটা, সংবাদ ৩৬৫, ১ছেপ্টেম্বৰ : বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ আব্দুল হামেদৰ তিনি পুত্ৰ ক্ৰমে শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী তিনিজন ভাই-ককাইয়ে ভাৰতীয় সেনা জোৱানৰ চাকৰিত কৰ্মৰত হৈ আছে যদিও সদ্য ঘোষিত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল দুই সেনা জোৱান ভাতৃ দেলবৰ হুছেইন আৰু মিজানুৰ আলীৰ নাম ।

পিতৃ আব্দুল হামেদৰ ১৯৫১ চনৰ এন আৰ চি আৰু মাতৃ খুদেজা বেগমৰ নামত ১৯৭০ চনৰ লিগেচি থকাৰ উপৰি যাৱতীয় নথিপত্ৰ থকাৰ পিছতো এন আৰ চিত নাম নাহিল দুই ভাতৃৰ লগতে পৰিয়ালৰ আন সদস্যৰ ।

উল্লেখযোগ্য যে, পৰিয়ালটোলৈ বিদেশী ন্যায়াধীকৰণৰ পৰা এফ টি গোচৰৰ জাননী প্ৰেৰণ কৰাৰ বিপৰীতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু মুখ্যমন্ত্ৰীৰ সীমান্ত বিভাগৰ ৰাজনৈতিক সচিব নিৰঞ্জন বৰুৱাই আৰ্মীৰ কোমাণ্ডিং অফিচাৰ কৰ্নেল হৰি কে নাইৰলৈ পৰিয়ালটো ভাৰতীয় নাগৰিক বুলি পত্ৰ প্ৰেৰণ কৰিছিল । লগতে যাৱতীয় প্ৰমাণ পত্ৰ পৰ্যবেক্ষণ কৰাৰ পিছত পিতৃ আব্দুল হামেদৰ পৰিয়ালক বিদেশী ন্যায়াধীকৰণে ভাৰতীয় বুলি ঘোষণা কৰিছে । ফলত সেনা জোৱান শ্বহিদুল ইছলামৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত হৈছে যদিও মাতৃ আৰু ভাতৃ সহ পৰিয়ালৰ ৫ জনকৈ সদস্যৰ নাম বাদ পৰিছে এন আৰ চিৰ পৰা ।

ইপিনে একে গাঁৱৰে আজিত আলি নামৰ আন এজন সেনা জোৱানৰ পৰিয়ালতো ককায়েক আব্দুচ চবুৰ পৰামানিকৰ ১৯৫১ চনৰ এন আৰ চি লিগেচি ব্যৱহাৰ কৰা সত্ত্বেও কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালটোৰ ৬ জনকৈ সদস্যৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে । প্ৰকৃত ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হোৱাৰ পিছত সেনা বাহিনীত ভৰ্ত্তি কৰা এনে জোৱানৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ ভূক্তভোগীয়ে দাবী জনাইছে ।