লখিমপুৰ, ২৩ মে’, ২০২৪ : লখিমপুৰত উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকীত এজন যুৱকৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে লখিমপুৰ। শ শ লোক ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীৰ আৰক্ষীলৈ শিলগুটি নিক্ষেপ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী চালনা। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ডঃ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia)।

লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত বুধবাৰে নিশা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত খেলমাটিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বুধবাৰে নিশা লখিমপুৰৰ পূব চান্দমাৰীৰ আশ্রফ আলী নামৰ এজন ৪২ বছৰীয়া যুৱকৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল। আৰক্ষীৰ জিম্মাত যুৱকজনৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত খেলমাটিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পুৱাৰ ভাগত শ শ লোক ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। উত্তেজিত লোকে খেলমাটি আৰক্ষী চকীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। আৰক্ষীয়ে উত্তেজিত লোকক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলী চালনা কৰিব লগীয়া হয়। এই ঘটনাত আৰক্ষী আৰু সাংবাদিকসহ কেবাজনো লোক আহত হয়৷

উত্তেজিত লোকে শিলগুটি নিক্ষেপ কৰাৰ ফলত কেবাখনো বাহনৰ ক্ষতিসাধন হয়৷ জানিব পৰা মতে এটা চুৰিৰ মোবাই সন্দৰ্ভত আৰক্ষীয়ে বুধবাৰে নিশা পূব চান্দমাৰীৰ আশ্রফ আলী নামৰ যুৱকজনক আটক কৰিছিল। আৰক্ষীয়ে মোবাই চুৰি আৰু চুৰিৰ মোবাইল ক্ৰয় কৰাৰ অপৰাধত আশ্রফ আলীৰ লগতে কেইবাজনো লোকক আটক কৰিছিল। কিন্তু নিশাই আৰক্ষীৰ জিম্মাত আশ্রফ আলীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। একাংশ লোকে আশ্রফ আলীক আৰক্ষীয়ে মাৰধৰ কৰাত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে।

আশ্রফ আলীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত শ শ লোক ওলাই আহি খেলমাটি আৰক্ষী চকী ঘেৰাও কৰি আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। ইফালে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে খেলমাটি আৰক্ষী চকীৰ দুজনকৈ আৰক্ষী বিষয়াক নিলম্বন কৰে। আনহাতে এই সমগ্ৰ ঘটনাকলৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে অসম আৰক্ষীয়ে। উত্তেজিত লোকে খেলমাটি আৰক্ষী চকীলৈ শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষীৰ লোক আৰু চাৰিজনকৈ সংবাদকৰ্মী আহত হয়৷

এই ঘটনাত কেইবাখনো বাহনৰ।ক্ষতিসাধন হৈছে। ঘটনাৰ লগত জড়িত এজন দুষ্কৃতিকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ ইফালে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসমৰ অন্ধবিশ্বাস বিৰোধী তথা মানৱ অধিকাৰ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আৰক্ষীৰ জিম্মাত অভিযুক্তৰ ৰহস্যজনক মৃত্যু হোৱাটো আৰক্ষীৰ দায়িত্বহীন কাৰ্য বুলি অভিহিত কৰি ডঃ দিব্যজ্যোতি শইকীয়াই এনে আৰক্ষীৰ লোকক নিলম্বন যথেষ্ট নহয় বুলি মত প্ৰকাশ কৰে। এই ঘটনাই মানৱ অধিকাৰ উলংঘন কৰিছে বুলিও ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে৷