নিউজ ডেস্ক, ৭ মে’, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ খন আসনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৪ খন আসনত ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত।

মঙলবাৰে পুৱা ৭ বজাৰ লাগে লগে দেশৰ ১৮ সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতৰ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। এই ৯৩ খন আসনৰ ভিতৰত আছে অসমৰ ৪ খন আসন। অসমৰ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা আসনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে।

অসমত এই ৪ খন লোকসভা আসনত মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰতিদ্বন্দিতা আগবঢ়োৱা এই ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৮১,৭৭,২০২ গৰাকী ভোটাৰে। অসমৰ এই ৪ খন আসনৰ বাবে ২ লাখ ১০ হাজাৰ নতুন ভোটৰে ভোটদান কৰিব। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মুঠ ৯,৫১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত স্থাপন কৰা হৈছে। ইয়াৰে ৮৪ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩২৬ টা। আনহাতে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩০০ টা।

দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ খন আসনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী আছে ১২৩ গৰাকী। অৰ্থাৎ মাত্ৰ ৯ শতাংশ মহিলা প্ৰাৰ্থী আছে তৃতীয় পৰ্যায়ত। অসমৰ ৪ খন আসনৰ হেভী ৱেট প্ৰাৰ্থী কেইবাগৰকী হৈছে গুৱাহাটীত মীৰা বৰঠাকুৰ, বিজুলী কলিতা মেধি, বৰপেটাত ফণীভূষণ চৌধুৰী, দুলু আহমেদ, মনোৰঞ্জন তালুকদাৰ আৰু ধুবুৰীত বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, জাবেদ ইছলাম। গুৱাহাটীত ৮ গৰাকী, বৰপেটাত ১৪ গৰাকী, ধুবুৰীত ১৩ গৰাকী আৰু কোকৰাঝাৰত ১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা এই ৯৩ খন আসনত ২০১৪ আৰু ২০১৯ ত কংগ্ৰেছৰ প্রদর্শন অতিকৈ বেয়া আছিল। ২০১৪ ত এই ৯৩ খন আসনৰ ভিতৰত কংগ্ৰেছ দলে মাত্ৰ ৮ খন আসন আৰু ২০১৯ ত মাত্ৰ ৫ খন আসন লাভ কৰিছিল। এইবাৰ মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। পূৰ্বৰ দুটা পৰ্যায়ত ভোটদানৰ হাৰ ২০১৪ আৰু ২০১৯ কৈ হ্ৰাস পাইছিল। তৃতীয় পৰ্যায়ৰ পৰা ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰিছে সকলোৱে।