গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৪ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সমবায় দুগ্ধ ব্ৰেণ্ড পূৰবীয়ে ২৭ ছেপ্টম্বৰত আনুষ্ঠানিকভাৱে ব্ৰেণ্ডটোৰ নতুন দীৰ্ঘম্যাদী সংৰক্ষণযোগ্য সোৱাদযুক্ত গাখীৰৰ (Flavoured Milk) পৰিসৰ মুকলি কৰে৷ এই নতুন শিতানটোৱে ব্ৰেণ্ডটোৰ ভৌগোলিক পৰ্যায়ত উল্লেখযোগ্য সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰে। এই সোৱাদযুক্ত গাখীৰ অসম চৰকাৰৰ বিশেষ প্ৰকল্পৰ অধীনত বিশ্ব বেংকৰ পুঁজিৰে পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ নতুনকৈ মুকলি কৰা অত্যাধুনিক সংসাধন শাখাত প্ৰস্তুত কৰা হৈছে।

বিশিষ্ট বুদ্ধিজীৱী, শিল্পী, ক্ৰীড়াবিদ, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰা “পূৰবী সন্ধিয়া” শীৰ্ষক এক অনুষ্ঠানত অসম চৰকাৰৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাই পূৰবী ব্ৰেণ্ডৰ সোৱাদযুক্ত গাখীৰৰ আম, ষ্ট্ৰবেৰী আৰু কেশৰৰ তিনিটা আকৰ্ষণীয় সোৱাদ উন্মোচন কৰে। এই পদক্ষেপৰ জৰিয়তে সোৱাদযুক্ত গাখীৰৰ শিতান সংযোজন কৰা পূৰবী ডেইৰী উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন দুগ্ধ সমবায় হিচাপে পৰিগণিত হৈছে। অদূৰ ভৱিষ্যতে পূৰবীয়ে আৰু অধিক আকৰ্ষণীয় সোৱাদৰ সংযোজন কৰাৰ পৰিকল্পনা কৰিছে৷

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গাৰ্লোচাই কয়, “আজিৰ দিনটো অসমৰ জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হিচাপে লিপিবদ্ধ হৈ ৰ’ব। পূৰবী কেৱল এটা ব্ৰেণ্ড নহয়; ই অসমবাসীৰ হৃদয়ক প্ৰতিনিধিত্ব কৰে। ৰাজ্যখনৰ দুগ্ধ পালকসকলৰ উন্নয়ন সাধনেই হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সপোন। এই নতুন সামগ্ৰীৰ শুভাৰম্ভণিয়ে আমাক অসমত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ সক্ষমতা প্ৰদানৰ জৰিয়তে তেওঁৰ স্বপ্ন বাস্তৱায়িত কৰাত সহায় কৰিব।” অসম চৰকাৰৰ সমবায় বিভাগৰ প্ৰধান সচিব ড° কল্যাণ চক্ৰৱৰ্তীয়ে এই উপলক্ষে সমূহ পূৰবী দলক অভিনন্দন জ্ঞাপন কৰে।

সোৱাদযুক্ত গাখীৰৰ এই উন্মোচনে পূৰবী ব্ৰেণ্ডৰ অধীনত অসমৰ দুগ্ধ সমবায় খণ্ডৰ উন্নয়ন আৰু বিকাশৰ কথা স্পষ্টভাৱে প্ৰকট কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি ৰাজ্যখনে প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ প্ৰক্ৰিয়াকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দুগ্ধ উৎপাদন বৃদ্ধিৰ লগে লগে দীৰ্ঘম্যাদী সংৰক্ষণযোগ্য আৰু মূল্য সংযোজিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে এই লক্ষ্যত উপনীত হ’বলৈ পূৰবী ডেইৰী প্ৰতিশ্ৰুতিবদ্ধ।

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ অধীনত পৰিচালিত পূৰবীয়ে হাজাৰ হাজাৰ অসমীয়া কৃষকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল ভূমিকা গ্ৰহণ কৰি আহিছে। অসম চৰকাৰৰ সহযোগত আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ সহযোগত পূৰবীয়ে অসমৰ এক বিশ্বাসযোগ্য আৰু আটাইতকৈ প্ৰিয় ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ পৰিচালন সঞ্চালক এছ বি বসুৱে কয়, ”বৰ্তমান আমি পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (য়ামুল)কো একেধৰণৰ ৰূপান্তৰৰ পথত আগবাঢ়ি থকা দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰিও অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ যৌথ উদ্যোগ নৰ্থ-ইষ্ট ডেইৰী এণ্ড ফুড লিমিটেডে (এন ই ডি এফ এল) পূৰবীৰ ভৱিষ্যত যাত্ৰাত নতুন সম্ভাৱনা সংযোজন কৰিব।’’

তেওঁ লগতে কয়, “আমাৰ ৰাজ্যৰ জনসাধাৰণৰ পূৰবীৰ প্ৰতি যি মৰম, সমৰ্থন আৰু আত্মীয়তাৰ ভাৱ আছে, তাৰ বাবে আমি সমূহ পূৰবী দলে উৎসাহ অনুভৱ কৰোঁ। আচলতে আমাৰ গ্ৰাহকৰ মৰম আৰু তেওঁলোকৰ প্ৰত্যাশাই আমাক সদায় উন্নত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে।” ৱামুলৰ পৰিচালন সঞ্চালক এছ কে পাৰিদাই কয়, “২০২৪ চনৰ মাৰ্চ মাহত আমি আমাৰ অনন্য আইচক্ৰীম সফলভাৱে মুকলি কৰিছিলোঁ। এই আইচক্ৰীমৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ সামগ্ৰীৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ কৰিবলৈ অত্যন্ত উৎসাহিত হৈছোঁ। অনাগত দিনত আমি নতুন নতুন শিতান মুকলি কৰাৰ পৰিকল্পনাও কৰিছোঁ। পূৰবীৰ নতুন সোৱাদযুক্ত গাখীৰ কেৱল সোৱাদযুক্ত আৰু পুষ্টিকৰ হোৱাই নহয়, দেখিবলৈও আকৰ্ষণীয়। বিশেষভাৱে প্ৰস্তুত কৰা এই গাখীৰ স্বাস্থ্যকৰ হোৱাৰ লগতে এয়া অসমৰ দুগ্ধ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰা গাখীৰেৰে প্ৰস্তুত কৰা হৈছে। এই সোৱাদযুক্ত গাখীৰ সৰু ল’ৰা-ছোৱালীৰ লগতে প্ৰাপ্তবয়স্কসকলকো আকৰ্ষণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।”

উল্লেখ্য যে, এই নতুন শিতানৰ জৰিয়তে পূৰবী ডেইৰীৰ বজাৰত প্ৰৱেশ দীৰ্ঘম্যাদী সংৰক্ষণযোগ্য সামগ্ৰী প্ৰস্তুতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা এক সুপৰিকল্পিত পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত সদস্যসকলৰ উৎপাদিত গাখীৰৰ বজাৰত প্ৰৱেশ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে, সোৱাদযুক্ত গাখীৰ পাঁচ মাহৰ সংৰক্ষণযোগ্য ১৮০ মিলিলিটাৰৰ সুবিধাজনক পিপি বটলত উপলব্ধ হ’ব। ইয়াৰ ফলত বজাৰ বিতৰণৰ পৰিসৰ বৃদ্ধি পাব আৰু পূৰ্বতে সতেজ উৎপাদিত সামগ্ৰী উপলব্ধ নোহোৱা নতুন অঞ্চলতো প্ৰৱেশ সম্ভৱ হ’ব। এই নতুন গাখীৰৰ শিতানটো পাৰিপাৰ্শ্বিক উষ্ণতাত সংৰক্ষণ কৰিব পাৰি আৰু কোনোধৰণৰ শীতল শৃংখল ৰক্ষণাবেক্ষণৰ প্ৰয়োজন নোহোৱাকৈ সহজে পৰিবহণ কৰিব পাৰি। নতুন পণ্য মুকলিৰ জৰিয়তে দুগ্ধ সমবায়সমূহ শক্তিশালী হোৱাৰ লগতে অসমৰ দুগ্ধ উৎপাদকসকলৰ বাবে এখন নতুন বজাৰৰ সুযোগ সৃষ্টি হ’ব। ফলত এতিয়া দুৰ্গম অঞ্চলত তেওঁলোকৰ উৎপাদন উপলব্ধ হ’ব, যিয়ে তেওঁলোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি কৰি তুলিব।

‘পূৰবী সন্ধিয়া’ অনুষ্ঠানটোত জুবিন গাৰ্গ, ড° সঞ্জীৱ নাৰায়ণ, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, অৰুণ হাজৰিকা, অতুল পাচনি, পদ্মনাভ বৰদলৈ, ড° হিতেশ বৰুৱা, অতুল লহকৰ, তনুজা চেটিয়া, তিনিখন অসমীয়া ছবি ক্ৰমে – চিকাৰ, জয় হনুমেন, আৰু ভূত জলকীয়াৰ দলকে ধ​ৰি অন্যান্য বহুতো গনমান্য অতিথিৰ অংশগ্ৰহণ দেখা গ’ল। টিম পূৰবীয়ে সকলো অংশগ্ৰহণকাৰীলৈ তেওঁলোকৰ অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।