জোনমণি বেগম

বিশ্বনাথ : বিহালীত ঢেকীয়াপতিয়া বাঘৰ আতংক। নিশা হলে ৰাজপথত ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ। ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বিহালীৰ ৰাংছালী অঞ্চলত। বিশ্বনাথ জিলাৰ বিহালীত অব্যাহত আছে ঢেকীয়াপতিয়া বাঘৰ আতংক। বিগত কেইবাদিন ধৰি বিহালীৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘে।

ইতিমধ্যে বিহালীৰ বিভিন্ন স্থানত ১৫ টাতকৈও অধিক পশুধন ভক্ষণ কৰিছে ঢেকীয়াপতিয়া বাঘটোৱে। বিহালীৰ বিভিন্ন অঞ্চলত নিশা হলেই ৰাজপথলৈ ওলাই আহে ঢেকীয়াপতিয়া বাঘটো। ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বিহালী ৰাংছালীকে ধৰি বিভিন্ন অঞ্চল। ইতিমধ্যে ঢেকীয়াপতিয়া বাঘটোৱে ১৫ টাতকৈও অধিক পশুধন ভক্ষণ কৰিছে। শুকুৰবাৰে নিশাৰ ভাগতো ঢেকীয়াপতিয়া বাঘটোৱে পশুধন ভক্ষণ কৰিবলৈ ওলাই অহাত ৰাইজ আতংকিত হৈ পৰে।

শুকুৰবাৰে নিশাৰ ভাগত ৰাংছালীৰ সোণাৰি গাঁৱৰ ৯ নং বাৰ্ডৰ কেইবা ঠাইত ঢেকীয়াপতিয়া বাঘটো মুক্ত বিচৰণ কৰি মাধৱ ঘিমিৰে নামৰ এজন যুৱকৰ গোহালিৰ গৰুক আক্ৰমণ কৰিবলৈ লওঁতে যুৱকজন আৰু স্থানীয় ৰাইজে বাঘটো প্ৰত্যক্ষ কৰি হুলস্থুল কৰাত কাষতে থকা জামুৱনি সংযোগী ৰাস্তাৰ পৰা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘটো জাপ মাৰি পথাৰৰ উত্তৰ দিশে পলায়ন কৰে। শনিবাৰে দিনৰ ভাগত ঢেকীয়াপতিয়া বাঘটো বিহালীৰ জনতা বাকৰিত এজন লোকৰ ব্যক্তিগত চাহ বাগিচাত আশ্ৰয় গ্ৰহণ কৰি থকা বুলি স্থানীয় ৰাইজে জানিব দিয়ে।

উক্ত স্থানত ইতিমধ্যে বন বিভাগ আৰু অৰ্ধ সামৰিক বাহিনীৰ দল উপস্থিত হৈ ঢেকীয়াপতিয়া বাঘটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে ঢেকীয়াপতিয়া বাঘটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। বিগত কিছুদিন ধৰি ঢেকীয়াপতিয়া বাঘটোৱে বিহালীৰ বিভিন্ন অঞ্চলত পশুধনক আক্ৰমণ কৰি ভক্ষণ কৰি আহিছে। অতি শীঘ্ৰে যদি বন বিভাগৰ লোকে ঢেকীয়াপতিয়া বাঘটোক জনাঞ্চলৰ পৰা বনাঞ্চলত খেদি নপঠিয়াই অথবা পিঞ্জৰাবদ্ধ নকৰে, তেনেহ’লে অনাগত সময়ত যে ঢেকীয়াপতিয়া বাঘটোৱে মানুহক আক্ৰমণ কৰাটো নিশ্চিত।