আজিজ আলী

মুকালমুৱা : নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু।বিভিন্ন দল-সংগঠনৰ লগতে অসম গণ পৰিষদৰ শোক প্ৰকাশ।নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যুৱে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পেলাইছে।

হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰৰ নিশা প্ৰায় দহ বজাত আকস্মিকভাৱে মৃত্যুৰ মুখত পৰে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকী৷ গুৱাহাটীৰ বাসভৱনত মৃত্যু হয় নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ। ২০০১ চনৰ পৰা ২০০৬ চনলৈ নলবাৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিল মদন কলিতা৷

সুদীৰ্ঘ ৩৩ বছৰৰ মূৰত নলবাৰী সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল মদন কলিতাই৷ ২০০৬ ৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হৈছিল মদন কলিতা৷ ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ উক্ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল৷

পৰৱৰ্তী সময়ত মদন কলিতাই অগপ দলত যোগদান কৰিছিল৷ মদন কলিতা বিধায়ক হৈ থকা কালত পত্নী চাৰুবালা কলিতা ঘগ্ৰাপাৰ জিলা পৰিষদৰ পৰা জয়ী হৈ নলবাৰী জিলা পৰিষদৰ উপ-সভানেত্ৰী আৰু পৰৱৰ্তী সময়ত ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

মৃত্যুৰ সময়ত নলবাৰীৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে পত্নী, প্ৰতিষ্ঠিত ব্যৱসায়ী পুত্ৰ আৰু দুই কন্যাক ইহসংসাৰত এৰি থৈ যায়৷ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যুত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে৷ বিভিন্ন দল-সংগঠনৰ লগতে অসম গণ পৰিষদ নলবাৰী জিলা সমিতিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক গৰাকীক।