তিতাবৰ, ১৬ ছেপ্টেম্বৰঃ তিতাবৰৰ শিলিখা চাহ বাগিচাত নিশা দূর্গাৰ পূজাৰ বোনাচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে, শিলিখা চাহ বাগিচাৰ চাহ শ্ৰমিকে দূর্গাৰ পূজাৰ ২০ শতাংশ বানচ পোৱাৰ পিছতো প্ৰাপ্য বোনাচ নোপোৱাৰ অভিযোগ উত্থাপন কৰি বাগিচা কৰ্তৃপক্ষক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে বাগিচাৰ সহকাৰী পৰিচালক উমেশ তিৱাৰীক আক্ৰমণ কৰে৷ শ্ৰমিকৰ আক্ৰমণত মুখ্য পৰিচালক কাৰ্তিক নাৰায়ণ সিং গুৰুতৰ ভাবে আহত হোৱাৰ লগতে বাগিছাৰ মুখ্য পৰিচালক আৰু সহকাৰী পৰিচালকে পলায়ন কৰিবলৈ বাধ্য হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লগতো বাগিছাৰ শ্ৰমিকসকলে হতাহতিত লিপ্ত হয়। ফলত বাগিচাখনত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোতায়ন কৰা হয়। উত্তপ্ত শ্ৰমিকে বাগিচাৰ কাৰ্যালয়ৰ বহু অংশত আক্ৰমণ কৰাৰ লগতে খিৰিকীৰ গ্লাছ পৰ্যন্ত ভাঙি পেলায়। তিতাবৰ মহকুমা আৰক্ষী বিষয়া লুনা সোণোৱাল, তিতাবৰ আৰু মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া, দণ্ডাধীশ অভিজিৎ গগৈৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহেয যদিও বৰ্তমানেও বাগিচাখনত চেপা উত্তেজনাই বিৰাজ কৰি আছে।