তিতাবৰ, ১৫ জুলাইঃ তিতাবৰৰ বৰহোলা ইকৰাণী পঞ্চায়তৰ অন্তৰ্গত কাউৰীচুক প্ৰাথমিক বিদ্যালয়ত চকু কপালত উঠা বান সাহাৰ্য্য দিলে ব্লক কংগ্ৰেছৰ বিষয়াই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক তৰুণ গগৈয়ে গৃহ সমষ্টিত বিগত এমাহৰো অধিক বানত ককবকাই থকা ৰাইজৰ খবৰ ল’বলৈ আহৰি নাপালে৷ তিতাবৰৰ কেইবাখনো গাঁও বানে বিদ্ধস্ত কৰি ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। খাবলৈ থাকিবলৈ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। তিতাবৰ সমষ্টিৰ বিধায়ক হিচাপে তৰুণ গগৈয়ে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ পৰিবৰ্তে ব্যস্ত আছিল বিদেশ ভ্ৰমণত। তিতাবৰৰ বৰহোলা ইকৰাণী পঞ্চায়তৰ অন্তৰ্গত দুশৰো অধিক বানপীড়িতক বান সাহাৰ্যৰ নামত দিছিল ভেঁকুৰ উঠা আৰু জাবৰ মইলাৰে ভৰা চিৰাৰ বস্তা । যাক দেখি বানপীড়িতৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পোন্ধৰবছৰে কণা হাঁহক পটান দি বর্তমানেও ৰাইজক বান সাহাৰ্য্যৰ বৰবিহ খুৱাই মৃত্যু মুখলৈ ঠেলি দিয়া বুলি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইকৰাণীৰ বানপীড়িত ৰাইজৰ মাজত৷ তিতাবৰৰ বিভিন্ন স্থানীয় দল সংগঠনে তিতাবৰ ব্লক কংগ্ৰেছৰ এনে কাণ্ডক তীব্ৰ গৰিহণা দিছে।