ৰঙিয়া, ১৫ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অঞ্জলি শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি আৰু মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি ছাত্ৰ সন্থা আৰু স্থানীয় লোকে বিদ্যালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র-ছাত্ৰীক বিনামূলীয়াভাৱে নামভৰ্ত্তি কৰিব পাৰিব বুলি ঘোষণা কৰাৰ পিছতো বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই ছাত্র-ছাত্ৰীৰ পৰা নামভৰ্ত্তিৰ নামত ধন সংগ্ৰহ কৰিছে৷ তদুপৰি অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তিৰ নামত দিয়া ৰচিদ সমূহো বিসংগতিপূৰ্ণ বুলি অভিভাৱকসকলে অভিযোগ কৰে। এখন ৰচিদৰ বিভিন্ন শিতানৰ ধনৰ পৰিমাণৰ লগত আনখন ৰচিদৰ ধনৰ পৰিমানৰ মাজত বৃহৎ পাৰ্থক্য আছে। একেদৰে মধ্যাহ্ন ভোজনৰ নামতো বিদ্যালয়খনত ব্যাপক অনিয়ম সংঘটিত হৈছে। ভাৰপ্ৰাপ্ত অধ্যক্ষা অঞ্জলি শৰ্মাই নীতি-বহিৰ্ভূত কামত অতিষ্ঠ হৈ বিদ্যালয়খনত ছাত্ৰ সন্থাই স্থানীয় লোকৰ ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে অধ্যক্ষক ঘেৰাও কৰি বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে। লগতে চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে৷