তিতাবৰ, ২৮ অক্টোবৰঃ তিতাবৰৰ লেটেকুজান চাহ বাগিচাৰ ধলিৰ ৰেলআলিৰ সমীপত এটা নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় লোকে সদৰি কৰা মতে, নাহৰ ফুটুকীটোৱে নিশা খাদ্যৰ সন্ধানত ওলাই আহি ৰেল আলি পাৰ হ’বলৈ চেষ্টা চলাওতে ৰেলৰ খুন্দাত মৃত্যু হয়৷ বনবিভাগে মৃত বাঘটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে। বন বিভাগে সদৰি কৰা মতে, বাঘটোৰ বয়স প্ৰায় ৯বছৰ আৰু উচ্চতা দুই ফুট আৰু প্ৰস্থ তিনি ফুট ছয় ইঞ্চি৷ উল্লেখ্য যে, কোনো দুৰ্বৃত্তই মৃত বাঘটোৰ দাঁত,ছাল আৰু নোম কাটি নিয়ে।