ৰঙিয়া, ১৫ জুনঃ ৰঙিয়াৰ তৰণীত বিকল হৈ থকা পানী যোগান আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰাৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰি অহাৰ পিছতো বিভাগটোৱে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুন্ন প্ৰতিবাদকাৰী জনতাই তৰণী পানী যোগান আঁচনিৰ কাৰ্যালয়ত তলা লগায়।  প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা অনুহৰি তৰণী পানী যোগান আঁচনিখন মেৰামতিৰ নামত বছৰি লাখ লাখ টকা বিভাগীয় ভাৱে আৱন্টন দিয়া হয়৷ কিন্তু একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-ঠিকাদাৰে পুঁজিৰ ধন আত্মসাৎ কৰাত দীৰ্ঘ দিনৰ পৰা পানী যোগান আঁচনিৰ এটা অংশত গঞা ৰাইজে পানী পোৱা নাই। ৰঙিয়া মহকুমাৰ অতি গুৰুত্বপূৰ্ণ এই অঞ্চলটোত আইৰন থকা বাবে স্থানীয় লোকে এই আঁচনিখনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী লাভ কৰি আহিছিল। কিন্তু বিগত কেবামাহ ধৰি অঞ্চলটোৰ এটা অংশত পানী যোগান বিকল হৈ থকাত স্থানীয় লোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বিভাগটোৰ এনে দ্বায়িত্বহীনতাত ক্ষুন্ন হৈ প্ৰতিবাদকাৰী মহিলা সকলে কাৰ্যালয়টোত তলা বন্ধ কৰে। লগতে শীঘ্ৰে তৰণী পানী যোগান আঁচনিখনৰ জৰিয়তে অঞ্চলটোত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।