সোণতলী, ১৫ জুনঃ গ্ৰামাঞ্চলৰ সাধাৰণ খাটি খোৱা সহজ সৰল লোকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কিশোৰী তথা যুৱতী নাৰীদেহ ব্যৱসায়ী চক্ৰৰ কৱলত পৰাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ ৰাজ্যৰ বিভিন্ন এলেকাৰ গ্ৰামাঞ্চলৰ পৰা নাৰীদেহ ব্যৱসায়ী চক্ৰই বিয়াৰ প্ৰলোভন অথবা কৰ্মসংস্থাপন দিয়াৰ নামত যুৱতী-কিশোৰীক অপহৰণ কৰি বহিঃৰাজ্যৰ পতিতালয়ত বিক্ৰী কৰি ধন ঘটা এক সহজ উপায় হিচাবে বাছি লৈছে৷ শেহতীয়াকৈ কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত টপাৰপথাৰত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ ক্ষেত্ৰত ঘটিল এনে এক অবাঞ্চিত ঘটনা৷ টপাৰ পথাৰৰ স্বৰবেশ আলী নামৰ এটি দৰিদ্ৰ পৰিয়ালৰ ১২ বছৰীয়া কিশোৰী এজনীক একেখন গাঁৱৰে আচমা খাতুন নামৰ এগৰাকী বিধৱা মহিলায়ে ফুচলাই নাৰীদেহ ব্যৱসায়ী চক্ৰক চমজাই দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে৷ কিশোৰী গৰাকীৰ পৰিয়ালে কন্যা সন্ধানহীন হোৱাৰ সন্দৰ্ভত জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ পৰিয়ালটোৱে নিজাববীয়াকৈ তদন্ত কৰি অপহৰণ কাণ্ডত একে গাঁৱৰে আচমা খাতুন নামৰ বিধৱা মহিলাগৰাকী জড়িত থকাৰ সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰিছে৷ পৰিয়ালটোৱে ১৩ জুনত জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত আচমা খাতুন জড়িত থকাৰ কথাও উল্লেখ কৰে৷ জোৰশিমুলী আৰক্ষীয়ে কিশোৰী গৰাকীৰ সন্ধানহীন হোৱাৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে, সেইয়া সময়তহে দেখা যাব৷