নলবাৰী : সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান। শীতকালীন বতৰত কৃষিৰ বাবে উপযোগী শস্য সৰিয়হ (Mustard Cultivation)। অসমত অক্টোবৰ আৰু নৱেম্বৰ মাহ সৰিয়হৰ বীজ সিঁচাৰ উপযুক্ত সময়।

সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপ খোৱাকৈ সৰিয়হ বীজৰ জাত নিৰ্বাচন কৰা হয় যদিও বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিলে কৃষক সকল অধিক উপকৃত হোৱাৰ সম্ভাৱনা অধিক। সেইহে কৃষক সকলৰ উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ ফালৰ পৰা কৃষক সকলক বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত এক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান হৈছে।

নলবাৰী জিলা বৰিগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনবেলি আৰু নলখৰিকা কৃষক উৎপাদক গোষ্ঠী আৰু বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰতলা কৃষক উৎপাদক গোষ্ঠীৰ কৃষক সকলক পৃথকে পৃথকে সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত আই চি আৰ – ডি আৰ এম আৰ – অ পি আই ইউ এপাৰ্তৰ অধিনত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণত কৃষক সকলক সৰিয়হৰ অধিক উৎপাদন ক্ষম, জাতৰ বিষয়ে আৰু ইয়াৰ বৈজ্ঞানিক কৃষি প্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়।

চিনিয়ৰ ৰিছাৰ্চ ফেল’ মনিছা বৰ্মনে খেতিৰ বাবে মাটি কেনেকৈ উপযোগি কৰিব লাগে, বীজ সিঁচাৰ সঠিক সময়, কিমান পৰিমাণৰ সিচিব লাগে আৰু সম্ভবত বেমাৰ আৰু তাৰ বাবে ল’বলগীযা উপায় আদি বিষয়ে কৃষক সকলক অৱগত কৰে। এ টি এম ডঃ হুমাইউনবিন কবিৰে আতধৰা ধৰা প্ৰশিক্ষণ কাৰ্যসূচীত নলবাৰী জিলা কৃষি বিপনন সমন্বয়ক (এপাৰ্ট) সত্যেন তালুকদাৰ, বি টি এম্ ডঃ ঈশ্বৰ শৰ্মা, উপস্থিত থাকে। প্ৰশিক্ষণ প্ৰদানৰ পিছতেই কৃষক সকলৰ মাজত বীজ, সাৰ বিতৰণ কৰা হয়।

উল্লেখ্য যে প্ৰত্যেকটো এফ পি চিত ৫০ জনৰো অধিক কৃষকৰ উপস্থিত এই প্ৰশিক্ষণ সফলৰূপে অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণত কৃষক সকলক সৰিয়হ খেতিৰ ক্ষেত্ৰত উন্নত কৃষি প্ৰযুক্তি আৰু কৌশলসমূহ অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাতো প্ৰতি বছৰে শীতকালত ব্যাপক হাৰত সৰিয়হ খেতি কৰা হয়। জিলাখনত সৰিয়হ খেতি কৰা কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কৃষি বিভাগৰ ফলৰ পৰা বিভিন্ন পদক্ষেপ লোৱা দেখিবলৈ পোৱা যায়।