Sujit Kumar Chakraborty 

সোণাপুৰ : পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। এখন চাৰি চকীয়া বাহনৰ পৰা জব্দ ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট। মণিপুৰৰ পৰা টেবলেটখিনি লৈ আহি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ তদন্ত অব্যাহত।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও অসমৰ মাজেৰে চলি আছে ড্ৰাগছৰ সৰবৰাহ। প্ৰতিদিনে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী, জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হৈছে যদিও অসম আৰক্ষীক কেৰেপ নকৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চলত সোণাপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি। নিচাযুক্ত টেবলেটখিনিৰ লগতে আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে ষাঠি হাজাৰ নিচাযুক্ত টেবলেট। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু সোণাপুৰ আৰক্ষী বিষয়া সুকন্যা দাসৰ নেতৃত্বত সোণাপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে টেবলেটখিনি। জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে টেবলেটখিনিৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন মণিপুৰৰ আজমল খান বুলি চিনাক্ত কৰা হৈছে। টেবলেটখিনি মণিপুৰৰ আনিছিল বুলি আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহৰ ৰাখিছে।