নিউজ ডেস্ক, ১০ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ১২ অক্টোবৰ, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ইয়াৰ নেটৱৰ্কৰ ভিতৰত চলাচল কৰি থকা দহখন ৰে’লৰ কেইটামান ষ্টেচনত সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰে’ল যাত্ৰীৰ (Railway Passengers) সা-সুবিধাসমূহ বৃদ্ধি আৰু সময়ানুৱৰ্তীতা উন্নত কৰাৰ বাবে এই সংশোধন কৰা হৈছে। 

ৰে’ল নং ১৫৯১০ (লালগড়-ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ ১৬:৪০ বজাত নিউ জলপাইগুড়ীত উপস্থিত হ’ব আৰু ১৬:৫০ বজাত প্ৰস্থান কৰি পিছদিনা ১৪:০৫ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। ৰে’ল নং ১৫৯০৪ (চণ্ডীগড়-ডিব্ৰুগড়) এক্সপ্ৰেছ ০৮:৪০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব আৰু ০৮:৫০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:২০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে।

ৰে’ল নং ২২৫০৩ (কন্যাকুমাৰী-ডিব্ৰুগড়) বিবেক এক্সপ্ৰেছ ১৬:২০ বজাত মৰিয়নিত গৈ উপস্থিত হ’ব আৰু ১৬:২৫ বজাত প্ৰস্থান কৰি একেদিনাই ২০:৫০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। ৰে’ল নং ২২৫০১ (এছএমভিটি বেংগালুৰু-নিউ তিনিচুকীয়া) চুপাৰফাষ্ট এক্সপ্ৰেছ ১৯:১৫ বজাত কিষাণগঞ্জত গৈ উপস্থিত হ’ব আৰু ১৯:১৭ বজাত প্ৰস্থান কৰি পিছদিনা ১৬:২৫ বজাত নিউ তিনিচুকীয়াত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে।

ৰে’ল নং ১৫৮১৮ (নাহৰলগুন-শুখোভি) ডনি পোলো এক্সপ্ৰেছ ০৫:৫৫ বজাত চাপৰমুখত গৈ উপস্থিত হ’ব আৰু ০৫:৫৭ বজাত প্ৰস্থান কৰি একেদিনাই ০৯:৫০ বজাত শুখোভিত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। ৰে’ল নং ১৫৬১৩ (গুৱাহাটী-মুৰকংচেলেক) লাচিত এক্সপ্ৰেছ ০৪:১০ বজাত নৰ্থ লখিমপুৰত গৈ উপস্থিত হ’ব আৰু ০৪:১৫ বজাত প্ৰস্থান কৰি একেদিনাই ০৭:৫০ বজাত মুৰকংচেলেকত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে।

ৰে’ল নং ১৫৯৬৭ (ৰঙিয়া-লিডু) এক্সপ্ৰেছ ১৭:৩১ বজাত বৰহাটত গৈ উপস্থিত হ’ব আৰু ১৭:৩৩ বজাত প্ৰস্থান কৰি একেদিনাই ২১:৪৫ বজাত লিডুত গৈ উপস্থিত হ’ব। এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। ৰে’ল নং ১৫৬৬৫ (গুৱাহাটী-মৰিয়নি) বিজি এক্সপ্ৰেছ সংশোধিত সময়ৰ সৈতে ১৪:৪০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি একেদিনাই ২৩:৫০ বজাত মৰিয়নিত গৈ উপস্থিত হ’ব। লগতে, এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে। ৰে’ল নং ১৫৬৬৯ (গুৱাহাটী-ডিব্ৰুগড়) নাগালেণ্ড এক্সপ্ৰেছ ২০:৫৫ বজাত সংশোধিত সময়সূচীৰ সৈতে গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পিছদিনা ১০:৪০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। লগতে, এই ৰে’লখনৰ সময়সূচী ইয়াৰ নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে।

ৰে’ল নং ১২০৬৭/১২০৬৮ (গুৱাহাটী-যোৰহাট টাউন-গুৱাহাটী) জন শতাব্দী এক্সপ্ৰেছ ক্ৰমে ০৬:২০/১৪:৩৫ বজাত সংশোধিত সময়সূচীৰ সৈতে গুৱাহাটী/যোৰহাট টাউনৰ পৰা প্ৰস্থান কৰি একেদিনাই ক্ৰমে ১৩:০৫/২১:২০ বজাত ইয়াৰ গন্তব্যস্থানত উপনীত হ’ব। লগতে, দুয়োখন ৰে’লৰ সময়সূচী ইয়াৰ সকলো নিৰ্ধাৰিত সকলো ষ্টপেজত সংশোধন কৰা হৈছে।আশা কৰা হৈছে যে নতুন সময়সূচীসমূহে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উন্নীত ৰে’ল পৰিচালনাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰে’ল অনুসন্ধান প্ৰণালীত (এনটিইএছ) প্ৰকৃত সময়ৰ ভিত্তিত ৰে’ল চলাচলৰ অৱস্থান আৰু সময়সূচীৰ বিৱৰণ নিৰীক্ষণ কৰিবলৈ অনুৰোধ কৰা হৈছে।