গুৱাহাটী, সংবাদ ৩৬৫, ২ জুলাই : যি সময়ত বহু যুৱক -যুৱতীয়ে গছ পুলি ৰুই পৰিবেশ সুন্দৰ তথা বায়ু প্ৰদূষণ ৰোধ কৰাৰ চেষ্টা কৰি আছে সেই সময়তে বনবিভাগেই বহু বছৰীয়া পুৰণি গছ কাটি তহিলং কৰিছে । উঠি অহা প্ৰজন্মৰ বাবে যেন সমূলি ভ্ৰূক্ষেপ নাই তেখেতসকলৰ।

গছ পুলি ৰোপন কৰি পৃথিৱী সেউজ কৰাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ বিপৰীতে দেখা গ’ল প্ৰায় ২০ জোপা বৃহৎ অৰ্দ্ধ শতিকাৰ গছ কাটি তহিলং কৰা । এই গছসমূহ কটা হ’ল নতুন বিধানসভা চৌহদৰ গাড়ী পাৰ্কিং আৰু নতুন পথ নিৰ্মাণৰ লক্ষ্যৰে । বন বিভাগৰ নিৰ্দেশতে এনেদৰে কাটি পেলোৱা হ’ল গছ কেইজোপা । অভিযোগ অনুসৰি নতুন বিধান সভাৰ চৌহদটো সজাই-পৰাই তোলাৰ অৰ্থে কাটি পেলোৱা হ’ল গছকেইজোপা । অৰ্থাৎ নতুন বিধানসভাৰ ভৱনৰ চৌহদৰ সৌন্দৰ্য বর্ধনৰ বাবেই কাটি পেলোৱা হল প্ৰায় ২০ জোপাকৈ গছ ।

লক্ষণীয়ভাৱে এই কার্যৰ বিষয়ে জ্ঞাত নহয় বনমন্ত্ৰী পৰিমল শুক্লবদ্য । এসময়ত সেউজীয়া পাহাৰে আৱৰি থকা গুৱাহাটীত এনেদৰেই বৰ্তমান দ্ৰুতগতিত হ্ৰাস পাইছে গছ-গছনি। যাৰ প্ৰভাৱ পৰিছে মহানগৰীৰ জনসাধাৰণৰ ওপৰত ।