নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জুলাই : এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব । আঠ মাহৰ গৰ্ভৱতী মহিলাক ৰাজপথতে চুৰীৰে আঘাত । ঘটনাস্থলীতে সন্তান প্ৰসৱ কৰি মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে লণ্ডনত ।

আঠ মাহৰ এগৰাকী গৰ্ভৱতী মহিলাক ৰাজপথৰ মাজত সকলোৰে সন্মুখত ছুৰীকাঘাত কৰে দু্ৰ্বৃত্তই যাৰ ফলত ৰাজপথতে ঢলি পৰে মহিলাগৰাকী। বিষত জৰ্জৰিত মহিলাগৰাকীয়ে লগে লগে ঠাইতে এটা সন্তান প্ৰসৱ কৰি ক্ষন্তেক পাছতে মৃত্যুক সাৱটি লয় ।

২৬ বছৰীয়া এই মহিলা গৰাকীৰ নাম কেলি মেৰী বুলি জানিব পৰা গৈছে । পাছে কি কাৰণে আক্ৰমণৰ বলি হ’ল সেইকথা জানিব পৰা হোৱা নাই। পাছত নৱজাতক সন্তানটিক হাস্পতাললৈ নিয়া হয় যদিও শিশুটিৰ অৱস্থা সংকটজনক। সম্প্ৰতি এই ঘটনাৰ সৈতে জড়িত দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।