গুৱহাটী : দেশত বিজেপিক প্ৰকৃতাৰ্থত ভেটা দিব পৰা দলটোৱে হৈছে তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছ (TMC) বিজেপিক প্ৰতিহত কৰিবলৈ বদ্ধ পৰিকৰ। ভূৱা প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত বিজেপি হৈছে বিশ্বৰ এক নম্বৰ দল। কিন্তু প্ৰতিশ্ৰুতি দি পূৰণ কৰাৰ ক্ষেত্ৰত বিজেপি কিমান সফল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ হ’ব। আজিলৈ সেয়া নহ’ল আৰু ২০৩০ চনলৈ সেয়া নহ’ব বুলি মন্তব্য প্ৰকাশ কৰি বিজেপিক তীব্ৰ আক্ৰমণ চলায় তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ডেৰেক অ’ব্ৰেয়নে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে কয় যে মমতা বেনাৰ্জীৰ নেতৃত্বত ২০১১ চনৰ পৰা ২০১৯ চনৰ ভিতৰত পশ্চিম বংগত কৃষকৰ আয় তিনি গুণ কৰা হ’ল। বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ডেৰেক অ’ব্ৰেয়নে কলাক্ষেত্ৰত এক সংবাদমেলত কয় যে প্ৰতিশ্ৰুতি দি পূৰাৱ নোৱাৰা আৰু উগ্ৰ হিন্দুত্ববাদেৰে সমাজক ভাগ ভাগ কৰিব খোজা বিজেপিক ২০২৪ চনত দিল্লীৰ পৰা উফৰাই পেলোৱা হ’ব। কলাক্ষেত্ৰত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি সাংবাদিকৰে হোৱা বাৰ্তালাপৰ মুহূৰ্তত ৰাজ্য সভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে আৰু কয় যে অসমৰ জনতাৰ সমস্যা সমাধানৰ বাবে তৃণমূল কংগ্ৰেছ আগুৱাই আহিছে৷ অসমৰ বাবে, অসমৰ হ’কে অসমীয়াৰ তৃণমূল কংগ্ৰেছ।

তৃণমূল কংগ্ৰেছ এবছৰ-দুবছৰৰ বাবে অসমলৈ অহা নাই, ২৫-৩০ বছৰলৈ অসমবাসীক সেৱা কৰিবলৈ তৃণমূল কংগ্ৰেছ অসমলৈ আহিছে, অসমবাসীৰ বাবে। আনহাতে লোকসভা নিৰ্বাচনত অসমত তৃণমূল কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে কয় যে এই সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক নেতৃত্ব বিবেচনা কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ পৰামৰ্শ প্ৰেৰণ কৰিব। ইপিনে প্ৰশিক্ষণ শিবিৰত অংশগ্রহণ কৰি পশ্চিম বংগৰ কেবিনেট মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা ডঃ মানস ৰঞ্জন ভূনিয়াই সংবাদমেলত কয় যে বিজেপিয়ে দেশৰ সুস্থ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে দলক ওফৰাই পেলাবলৈ আৰু জনতাৰ মৌলিক অধিকাৰৰ হকে যুঁজিবলৈ তৃণমূল কংগ্ৰেছ সদায় প্ৰস্তুত।

তৃণমূল কংগ্ৰেছ কোনো বঙালী দল নহয়, ই এক ৰাষ্ট্ৰীয় দল সেয়া এতিয়া প্ৰতিপন্ন হৈছে। ইফালে সাংবাদমেলত উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে অসমত যিকোনো মূল্যৰ বিনিময়ত বিজেপিক প্ৰতিহত কৰিব লাগিব। বিজেপিৰ অসম বিৰোধী, জনবিৰোধী নীতিৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন গঢ়ি তুলিব লাগিব। উল্লেখ্য যে শনিবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা দলটোৰ প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চাৰি শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।