সোণতলী, ৯ মেঃ দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁওৰ সীমান্তৱৰ্তী হাহিমৰ লালমাটিত পুৱতি নিশা চোৰাং কাঠ কঢ়িওৱা ৭০৯ মিনি ট্ৰাক এখন বাগৰি চালকসহ ৪ জন লোক নিহত হয়৷ ঘটনাৰ বিৱৰণী মতে, যোৱা নিশা পশ্চিম কামৰূপ বন সংমণ্ডল অধীনস্থ বনাঞ্চলৰ পৰা চাৰিজন লোকে অবৈধভাৱে শাল গছ কাটি কাঠৰ কুণ্ডা সমূহ এএচ২৫-৭৫৪৭ নম্বৰৰ মিনি ট্ৰাকেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দিশে ৰাওনা হৈছিল৷ কিন্তু হাহিমৰ লালমাটিত ট্ৰাকখনে নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হয়৷ দুৰ্ঘটনাত কাঠৰ কুণ্ডাৰ চেপাত ৰবিন ৰাভা, সঞ্জয় ৰাভা, ৰাণে ৰাভা আৰু মিন্টু ৰাভা নামৰ চাৰিজন ব্যক্তিৰ থিতাতে মৃত্যু হয়৷ নিহত মিন্টু ৰাভাৰ ঘৰ বকোৰ ভেহুচাত আৰু আন তিনিজনৰ ঘৰ তিনিঘৰীয়া বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীয়ে  ব্যক্তিকেইজনক মৃত ঘোষনা কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁওৰ জৰাৰ্জীন বাট-পথৰ কাৰণেই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷