নলবাৰী, ৯ মেঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰাৰ চক বজাৰত গাত খান্দি চোৰ সোমাল ম’বাইলৰ দোকানত৷ লুটি নিলে অৰ্ধ লক্ষাধিক টকাৰ ম’বাইল৷ ভাংনামাৰী আৰক্ষী চকীৰ নাতিদূৰৈত থকা লাউপাৰা চক বজাৰস্থিত শুকচান আলীৰ ম’বাইল দোকানত ৰাতি আন্ধাৰৰ সুযোগলৈ দোকানখনৰ পিছফালে চোৰে গাত খান্দি দোকানত প্ৰৱেশ কৰি প্ৰায় অৰ্ধ লক্ষাধিক টকাৰ ম’বাইল চুৰ কৰি নিয়ে৷ পুৱা দোকান খুলি শুকচানে দোকানৰ বস্তু লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগায়৷ স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত ভাংনামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত  হৈ দোকানখনৰ চুৰি হোৱা সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷ আৰক্ষীয়ে ইতিমধ্যে চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে এই বজাৰখনৰ সঘনাই এনে ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আহিছে৷ আৰক্ষীয়েও চোৰক আটক কৰিবলৈ ব্যৰ্থ হোৱাত বজাৰখনৰ ব্যৱসায় তথা স্থানীয় লোকে আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাইছে৷