বোকাজান, ৮ আগষ্ট, ২০২৩ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। কাৰ্বি আংলংত পুনৰ অসম আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰায় ৩ কোটি টকা মূল্যৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুজন ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে এখন বাহনত লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। ৪৫ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ৫৬৬ গ্ৰাম হেৰ’ইন।

অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ চকুত ধূলি দি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ নতুন নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী সকলৰ এনে বহু কৌশল আৰক্ষীয়ে বিফল কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্য সমূহৰ ভিতৰত কাৰ্বি আংলং আৰক্ষীয়ে কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰা দেখিবলৈ পোৱা গৈছে।

কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সাফল্য সমূহত সংযোগ হৈছে আন এক বৃহৎ সাফল্য। প্ৰায় ৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে। এখন বাহনত তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

বোকাজান আৰক্ষী থানা আৰু খটখতি আৰক্ষী থানাৰ আৰক্ষীৰ লগতে ২০ নং চি আৰ পি এফৰ বাহিনীয়ে খটখতিৰ জনকপুখুৰীত নাকা চেকিং বহুৱাই এনএল-০৭-চিচি-০৬২৯ নম্বৰৰ এখন জিপচী বাহনত তালাচী চলাই ৪৫ টা চাবোনৰ বাকচত লুকুৱাই থোৱা ৫৬৬ গ্ৰাম হে’ৰইন উদ্ধাৰ কৰে। জিপচী বাহনখনত গোপন চেম্বাৰ বনাই অতি কৌশলেৰে গোপন চেম্বাৰত এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি লুকুৱাই আনিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে। হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰা লোক দুজন ক্ৰমে মণিপুৰৰ সেনাপতি জিলাত জন থ্রো আৰু ৰাপু এলিয়া। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে। ইফালে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই আন এক সাফল্য লাভ কৰে। তিনিগৰাকী যুৱতীসহ এজন যুৱকক ড্ৰাগছসহ আটক কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে। ধৃত যুৱতী তিনিগৰাকী ভিতৰত এগৰাকী মাৰ্ঘেৰিটাৰ আৰু দুগৰাকী ডিমাপুৰৰ।