বোকাজান, ৬ জুন, ২০২৪ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আন এক বৃহৎ সফল্য। ৮ কোটি ৪০ লাখ টকা মূল্যৰ ড্ৰাগছসহ আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক (Two Attested With Drugs)। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আনিছিল ড্ৰাগছখিনি হোজাই লৈ নি থকা পথত আৰক্ষীৰ তালাচী অভিযানত জব্দ হয় ড্ৰাগছখিনি। ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ এগৰাকী মহিলা। অধিক তথ্যৰ বাবে দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৮ কোটি ৪০ লাখ টকা বুলি জানিব পৰা গৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। এই বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ আৰক্ষীৰ জালত পৰা দুই ড্ৰাগছ সৰবৰাহকাৰী হোজাই জিলাৰ বুলি জানিব পৰা গৈছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল। কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ সাফল্য।

কাৰ্বি আংলং আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সফল্য লাভ কৰিছে। পুনৰবাৰ কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানত ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বুধবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে কাৰ্বি আংলং আৰক্ষীয়ে। নিশা ডিল্লাই পইণ্টত এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জব্দকৃত নিচাযুক্ত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য ৮ কোটি ৪০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

নিশা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আহি থকা এএছ-১৪-ই-৯১৩৭ নম্বৰৰ এখন এ’ল্ট বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে নিচাযুক্ত য়াবা টেবলেটখিনি। এ’ল্ট বাহনখনৰ ইঞ্জিনত অতি কৌশলেৰে য়াবা টেবলেটখিনি লুকুৱাই আনিছিল দুই ড্ৰাগছ সৰবৰাহকাৰী। ডিমাপুৰৰ পৰা য়াবা টেবলেটখিনি হোজাই লৈ আনি থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে। ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক এগৰাকী মহিলা। দুই ড্ৰাগছ সৰবৰাহকাৰী হোজাই জিলাৰ ইছলাম উদ্দিন আৰু মুজিবা বেগম। অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।