গুৱাহাটী, ২৮ এপ্ৰিল, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ১২ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ ড্ৰাগছ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ দুজন কামৰূপ জিলাৰ গৰৈমাৰীৰ বাসিন্দা। ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন বাহনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১২ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনি ওজন ১.৫০০ গ্ৰাম। এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগত আটক হোৱা কামৰূপ জিলাৰ গৰৈমাৰী অঞ্চলৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল। মহানগৰী গুৱাহাটীত এখন বাহনৰ পৰা এছটিএফ বাহিনীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ১.৫০০ গ্ৰাম হে’ৰইন জব্দ কৰিছে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছটিএফ বাহিনীয়ে এখন বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য ১২ কোটি টকাতকৈও অধিক হ’ব বুলি অভিযানকাৰী দলটোৱে অনুমান কৰিছে। এছটিএফ বাহিনীয়ে গোপন খবৰৰ ভিত্তিত মহানগৰীৰ খানাপাৰা অঞ্চলত এএছ-০১-এফএন-৭৬৩৩ নম্বৰৰ ৱাগনআৰ বাহনত তালাচী চলাই বাহনখনত অতি কৌশলেৰে লুকুৱাই অনা এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰে। বাহনখনত এখন বেগৰ ভিতৰত কেইবাটাও চাবোনৰ বাকচত অতি কৌশলেৰে লুকুৱাই আনিছিল হে’ৰইনখিনি।

এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ লগত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজন কামৰূপ জিলাৰ গৰৈমাৰী অঞ্চলৰ জামাল আলী আৰু চেলিম উদ্দীন বুলি জানিব পৰা গৈছে। মণিপুৰ আৰু ত্ৰিপুৰাৰ একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসমৰ মাজেৰে বুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই থকাৰ তথ্য কিছুদিন পূৰ্বে এছটিএফ বাহিনীয়ে লাভ কৰিছিল। উক্ত তথ্যৰ ভিত্তিত এছটিএফ বাহিনীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।