যোৰাবাট : যোৰাবাটত পুনৰ জব্দ দুখন গৰু ভৰ্তি ট্ৰাক। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৪০ টাকৈ গৰু। গৰু কেইটা মেঘালয়লৈ নিয়াৰ পথত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাক দুখন। গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰাৰ লগতে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে যোৰাবাট আৰক্ষীয়ে।

গো ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু সৰবৰাহ। মহানগৰী গুৱাহাটীৰ মাজেৰেও একাংশ গৰু সৰবৰাহকাৰীয়ে গৰুৰ অবৈধ সৰবৰাহ চলাই আছে। মহানগৰীৰ যোৰাবাটেৰে গৰু সৰবৰাহকাৰীয়ে মেঘালয়লৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে।

যোৰাবাটেৰে মেঘালয়লৈ গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰিছে যোৰাবাট আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰি ট্ৰাক দুখনৰ পৰা ৪০ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যোৰাবাট আৰক্ষীয়ে গৰু সৰবৰাহ কৰা ট্ৰাক দুখনৰ লগত তিনিজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক তিনিজন আছাবুল আলী, সুৰেন্দ্ৰৰ লোহাৰ আৰু আলী আনছাৰি। ট্ৰাক দুখন নগাঁৱৰ পৰা গৰু আনি মেঘালয়ৰ দিশে গৈ আছিল বুলি জানিব পৰা গৈছে।