আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপৰ পৰা তিনি ড্ৰাগছ সেৱনকাৰীক আটক। ড্ৰাগছ সৰৱৰাহকাৰীৰ আৰু ড্ৰাগছ আসক্ত লেকেৰে ভৰি পৰিছে শিৱসাগৰ নগৰ। প্ৰতিদিনে শিৱসাগৰ নগৰৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ। জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত লোক।

এইবাৰ শিৱসাগৰ ৰে’ল ষ্টেচনত গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত ড্ৰাগছসহ আটক হয় তিনি ড্ৰাগছ সেৱনকাৰী যুৱক। ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনৰ তীব্ৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে শিৱসাগৰ নগৰত তিনি ড্ৰাগছ সেৱনকাৰী যুৱক আটক হোৱাকলৈ শিৱসাগৰ নগৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ্য যে, শিৱসাগৰত দিনক-দিনে বৃদ্ধি পাইছে পাইছে ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা।

দেওবাৰে পুৱাৰ ভাগত ৰে’ল ষ্টেচন গাওঁৰক্ষী বাহিনীয়ে এক অভিযান চলাই ড্ৰাগছসহ আটক কৰে ছহিদুৰ আলী, জাকিৰ আলী আৰু বাবা কাহা নামৰ তিনিজন যুৱকক। ছহিদুৰ আলী আৰু জাকিৰ আলী ৰে’ল ষ্টেচন চাৰিআলিৰ সমীপত ভাড়াঘৰত থাকি ফেৰিৱালাৰ কাম কৰে। আনহাতে ধৃত বাবা কাহা নামৰ আনজন যুৱকৰ ঘৰ শিৱসাগৰৰ চেৰেকাপাৰত বুলি জানিব পৰা গৈছে।

ড্ৰাগছখিনি যুৱক কেইজনে এহেজাৰ টকাত শিৱসাগৰ নগৰৰ বি জি ৰোডৰ বাবুল নামৰ এজন ব্যক্তিৰ পৰা আনিছিল বুলি ৰাইজৰ আগত জানিবলৈ দিয়ে। ড্ৰাগছ সেৱনকাৰী যুৱক কেইজনক আটক কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু গাওঁৰক্ষী বাহিনীক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন জনাইছে। ঐতিহাসিক শিৱসাগৰখন যাতে ড্ৰাগছৰ ৰম্যভূমিত পৰিণত নহয় ইয়াৰ বাবে বাবুলৰ দৰে ড্ৰাগছ সৰৱৰাহকাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাইজে।