নিউজ ডেস্ক, ২৭ এপ্ৰিল, ২০২৪ : মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। পুনৰ মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা।মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ চি আৰ পি এফৰ (CRPF) দুই জোৱান। আহত কেইবাজনো। শুকুৰবাৰে মণিপুৰত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ কিছু ঘণ্টাৰ পিছতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ এটা চকীত আক্ৰমণ কৰে কুকি উগ্ৰপন্থীয়ে।

এই আক্ৰমণত চি আৰ পি এফৰ চাৰিজনকৈ জোৱান গুৰুত্বৰভাৱে আহত হয়। আহত জোৱান কেইজনক চিকিৎসালয়লৈ লৈ নিয়া হয় যদিও চিকিৎসালয়ত দুজন জোৱানৰ মৃত্যু হয়। শ্বহীদ চি আৰ পি এফৰ জোৱান দুজনৰ এজন অসমৰ বৰপেটা জিলাৰ ভেল্লাৰ বুলি জানিব পৰা গৈছে। মণিপুৰৰ নৰসেনা অঞ্চলত মাজনিশা কুকি উগ্ৰপন্থীৰ আক্ৰমণত চি আৰ পি এফৰ দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে কেইবাজনো জোৱান আহত হয়।

এই জোৱান কেইজন মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত নিয়োজিত চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ বুলি জানিব পৰা গৈছে। মণিপুৰ আৰক্ষীয়ে এই আক্ৰমণৰ কয় যে এই আক্ৰমণ মাজনিশা সংঘটিত হৈছে। শুকুৰবাৰে মণিপুৰত লোকসভা নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হৈছিল। ভোটদান শেষ হোৱাৰ কেইঘণ্টামান পিছতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। মণিপুৰৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে উগ্ৰপন্থীয়ে চি আৰ পি এফৰ পোষ্টটোক লক্ষ্য কৰি পাহাৰৰ শিখৰৰ পৰা নিৰ্বিচাৰে গুলীচালনা কৰে। নিশা প্ৰায় ১২:৩০ বজাৰ পৰা আৰম্ভ হোৱা গুলীচালনা নিশা প্ৰায় ২:১৫ বজালৈকে চলি থাকে।

জ্যেষ্ঠ আৰক্ষী বিষয়া জনে লগতে জানিবলৈ দিয়ে যে উগ্ৰপন্থীৰ দলটোৱে বোমাও নিক্ষেপ কৰে, ইয়াৰে এটা বোমা বিস্ফোৰণ ঘটে চি আৰ পি এফৰ ১২৮ টা বেটেলিয়নৰ পোষ্টত। চি আৰ পি এফৰ জোৱান কেইজন আই আৰ বি এন শিবিৰৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈছিল। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণৰ লগত জড়িত লোকৰ সন্ধান উলিয়াবলৈ ব্যাপক তালাচী অভিযান চলোৱা হৈছে।

এই আক্ৰমণৰ ঘটনাত চাৰিজনকৈ জোৱান আহত হয়। আহত জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও দুজন জোৱানৰ মৃত্যু হয়। শ্বহীদ জোৱান দুজনৰ এজন অসমৰ বৰপেটা জিলাৰ ভেল্লাৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত আন দুজন জোৱানৰ চিকিৎসা চলি আছে এই জোৱান দুজনৰো অৱস্থাত সংকটজনক বুলি জানিব পৰা গৈছে। মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মণিপুৰত উচ্চ ভোটদান আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ কৰে।

মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াই কয় যে, “প্ৰায় এঘণ্টা পূৰ্বে আমি পোৱা শেষৰটো প্ৰতিবেদনলৈকে ভোটদানৰ হাৰ ৭৫ শতাংশৰ ভিতৰত আছিল আৰু কোনো ডাঙৰ অনিয়মৰ খবৰ পোৱা নাছিল।” তেওঁ লগতে কয় যে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ সময়ত বৃহৎ সংখ্যক লোকে ভোটদান কৰিবলৈ ওলাই আহিছিল। এটা ভোটদান কেন্দ্ৰত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ বিজুতিৰ খবৰ পোৱা গৈছে আৰু কোনো ডাঙৰ বিজুতিৰ খবৰ পোৱা নাই। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ২২ এপ্ৰিলত অন্তৰ্গত মণিপুৰ সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

১৯ এপ্ৰিলত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান সফলতাৰে অনুষ্ঠিত হৈছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত মুঠ ভোটদানৰ সংখ্যা ৬২ শতাংশতকৈও অধিক। প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ত মণিপুৰত ভোটদানৰ হাৰ বৃদ্ধি পাইছিল। উল্লেখ্য যে সাধাৰণ নিৰ্বানৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৭ মে’ত অনুষ্ঠিত হ’ব। ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।