নিউজ ডেস্ক, ২৬ এপ্ৰিল, ২০২৪ : ৰঙালাওৰ ভিতৰৰ পৰা উদ্ধাৰ ৩ কোটি ৫০ লাখ টকা মূল্যৰ ড্ৰাগছ (Drugs Seized)। আসাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত এখন পাচলি কঢ়িয়াই নিয়া বাহনত চলিছিল ড্ৰাগছ বিৰোধী অভিযান। পাচলি ভৰ্তি বাহনখনত ৰঙালাওৰ ভিতৰত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল বুজন পৰিমাণৰ হে’ৰইন। দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে অভিযানকাৰী দলটোৱে। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ হে’ৰইনখিনি অনাৰ সন্দেহ।

অসমৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ আন আন ৰাজ্য সমূহত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰাম আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিছে। বিশেষকৈ অসম আৰু মিজোৰাম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্য লেখত ল’বলগীয়া। এইবাৰ মণিপুৰ আৰক্ষীয়ে আসাম ৰাইফলছৰ সহযোগত এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

বৃহস্পতিবাৰে আসাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত এখন পাচলি ভৰ্তি বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে বাহনখনত থকা ৰঙালাওৰ ভিতৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হে’ৰইন। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ৩ কোটি ৫০ লাখ টকা হ’ব বুলি অনুমান কৰিছে অভিযানকাৰী দলটোৱে। এই বুজন পৰিমাণৰ হে’ৰইনৰ লগত আব্দুল মান্নান মজুমদাৰ আৰু খলিল উল্লাহ বৰভূঞা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে দলটোৱে।

জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত আসাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ এটা দলে মণিপুৰৰ জিৰিবামত তিপাইমুখৰ পৰা অসমৰ কাছাৰ জিলা অভিমুখে আহি থকা এখন পাচলি ভৰ্তি বাহনত তালাচী চলাই বাহনখনত কঢ়িয়াই অনা ৰঙালাওৰ ভিতৰত অতি কৌশলেৰে লুকুৱাই অনা বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। ৩০ টা চাবোনৰ বাকচত ৩৬৩.৪৫ গ্ৰাম হে’ৰইন অতি কৌশলেৰে লুকুৱাই আনিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে। জব্দকৃত ড্ৰাগছখিনি ড্ৰাগছ সৰবৰাহকাৰী দুজনে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা আনিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে।

আৰক্ষী আৰু সুৰক্ষাকৰ্মীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰী সকলে কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ মাজেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহৰ চেষ্টা চলাই থাকে। অসম আৰক্ষীয়ে ইতিমধ্যে এই ড্ৰাগছ সৰবৰাহকাৰীৰ কেইবাটাও চেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীয়ে কেইবাশ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে জালত পেলাইছে বহু ড্ৰাগছ মাফিয়াক।