নিউজ ডেস্ক : ভাৰতত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন। কৰ্ণাটকত দুজন লোকৰ শৰীৰত ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ধৰা পৰিছে। দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰা ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ইতিমধ্যে বিশ্বৰ ২৯ খন দেশলৈ সংক্ৰমিত হৈছে।

অৱশেষত ভাৰতত ধৰা পৰিল ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্রান্ত লোক। কৰ্ণাটকত দুজন লোক ক’ভিডত এই নতুন ভেৰিয়েণ্ট আক্রান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে কৰ্ণাটকত দুজন লোক অমিক্ৰনত আক্রান্ত হৈছে।

জানিব পৰা মতে আক্রান্ত লোক দুনজৰ ভিতৰত এজন লোকে ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক লৈছে। আনহাতে আনজন লোকে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। আক্রান্ত লোক দুনজৰ এজনৰ বয়স ৬৬ বছৰ আৰু আনজনৰ বয়স ৪৬ বছৰ। ২৪ ঘণ্টাৰ ভিতৰৰ ভাৰতত অমিক্ৰনত আক্রান্ত দুজন লোক ধৰা পৰিছে।

আক্রান্ত ৬৬ বছৰীয়া লোকজন শেহতীয়াকৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল আৰু আক্রান্ত ৪৬ বছৰীয়া লোকজন এগৰাকী স্বাস্থ্যকর্মী বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সন্থাৰ মতে অমিক্ৰন ডেল্টাতকৈ দুগুণ শক্তিশালী আৰু ক’ভিডৰ সকলো ভেৰিয়েণ্টতকৈ অধিক ক্ষীপ্ৰতাৰে এই ভেৰিয়েণ্ট সংক্ৰমিত হয়।

বিশ্ব স্বাস্থ্য সন্থাই ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰনকলৈ অধিক চিন্তিত হৈ আছে। দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰিছিল ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰন। ইতিমধ্যে বিশ্বৰ ২৯ খনকৈ দেশলৈ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন সংক্ৰমিত হৈছে। ক’ভিডৰ এই নতুন ৰূপ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।