আজিজ আলী
মুকালমুৱা : ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল যুৱকজন। বুধবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা। এনডিআৰএফ বাহিনীয়ে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ পৰা উদযাপন কৰে যুৱকজনৰ মৃতদেহ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত আব্দুল গফুৰ নামৰ এজন লোকৰ পুত্ৰ মহম্মদ আলী ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল। ঘটনা সন্দৰ্ভত শিয়ালমাৰী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী আৰু স্থানীয় ৰাইজে যুৱকজনক বিচাৰি নদীত অভিযান চলায় যদিও বিফল হয়।

পৰবৰ্তী সময়ত নলবাৰীৰ পৰা এনডিআৰএফ বাহিনীৰ এটা দল আহি যুৱকজনৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অভিযান আৰম্ভ কৰে। বহু সময় ধৰি চেষ্টা চলাই অৱশেষত এনডিআৰএফ বাহিনীয়ে যুৱকজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।