মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী চাটিভুইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ক’লা মানুহৰ আতংকত দুজনকৈ চিলনী চোৰক দিন দুপৰতে ৰাইজে আটক কৰে। আৰক্ষীয়ে চিলনী চোৰ দুজনক উদ্ধাৰ কৰিবলৈ আহোঁতে আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি।

নিশা হোৱাৰ লগে লগেই দক্ষিণ চলামৰা-মানকাচৰ জিলাৰ পূৰ্বাঞ্চলৰ চাৰিওফালে আৰম্ভ হয় ক’লা মানুহৰ আতংক। কলা মানুহৰ আতংকত অঞ্চলটোত সৃষ্টি হয় চিঞৰ বাখৰৰ। অঞ্চলটোত বিগত কিছুদিন ধৰি ক’লা মানুহৰ আতংক বিৰাজ কৰি থকাৰ মাজতে মঙলবাৰে ক’লা মানুহৰ সন্দেহত দুজনকৈ চিলনী চোৰক আটক কৰে।

দিন দুপৰতে ৰাইজে ক’লা মানুহৰ সন্দেহত চিলনী চোৰ দুজনক আটক কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অঞ্চলটোত মুকলি বিচৰণ কৰি থকা চিলনী চোৰ দুজনক ৰাইজে আটক কৰি ৰাইজে উত্তম মাধ্যম দিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ কোনোমতে ৰাইজৰ ৰোষৰ পৰা চিলনী চোৰ দুজনক ৰক্ষা কৰে।

ইফালে ৰাইজৰ কবলৰ পৰা চুলনী চোৰ দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতে আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি লাগে। ৰাইজে আটক কৰা চিলনী চোৰ দুজন সোনাপুৰৰ গাছবাড়ী গাঁৱৰ জয়নাল হকৰ পুত্ৰ আয়নাল হক আৰু সোনাপুৰৰ বেকাৰডোবা গাঁৱৰ আমিনুৰ সেখৰ পুত্ৰ হানিফ সেখ বুলি জানিব পৰা গৈছে।