শিলচৰ : কাছাৰ জিলাৰ লাইলাপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। অসম আৰু মিজোৰামৰ সীমা বিবাদক কেন্দ্ৰ কৰি এতিয়াও ভিতৰি ভিতৰি উত্তপ্ত হৈ আছে লাইলাপুৰ। দুই ৰাজ্যৰ সীমা বিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ লাইলাপুৰত মিজোৰামৰ বাহনৰ পৰা জব্দ হৈছে ড্ৰাগছ।

মঙলবাৰে আৰক্ষীয়ে কাছাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী উত্তপ্ত লাইলাপুৰত মিজোৰামৰ বাহনৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰী আৰু হে’ৰইন। লাইলাপুৰত কাছাৰ আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এমজেছ-০৫-এ-০৪৯৮ নম্বৰৰ বাছ এখনত তালাচি চলাই জব্দ কৰে ২০ বেগ বাৰ্মিজ চুপাৰীৰ লগতে ২৪ গ্ৰাম হে’ৰইন।

বাছখন মিজোৰামৰ ভাইৰেনগেটৰ পৰা আহি থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে বাছখনৰ চালকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আৰু মিজোৰামৰ সীমা বিবাদক কেন্দ্ৰ কৰি মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত গুলী চালনা কৰিছিল। গুলী চালনাৰ ঘটনাত ৬ জনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হৈছিল।