আজিজুল হক

বৰপেটা : তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰা সকল সাৱধান। বৰপেটা আৰক্ষীয়ে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত পোষ্ট কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। তালিবানৰ সমৰ্থনত পোষ্ট কৰা মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান নামৰ দুজন যুৱকক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মাজিদুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ বালিকুৰি গাঁৱত আৰু ফাৰুক হুছেইন খানৰ ঘৰ বৰপেটা থানাৰ অধীনত চেঙা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা গাঁৱত৷ দুয়োজনে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত পোষ্ট দিছিল। যুৱক দুজনৰ পোষ্ট তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই তালিবানৰ সমৰ্থক মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খানক।আফগানিস্থানত তালিবানৰ উত্থানে সমগ্ৰ বিশ্ববাসীকে শংকিত কৰা সময়তে অসমৰ একাংশ লোকে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত পোষ্ট দিছিল। অসম আৰক্ষীয়ে তালিবানৰ সমৰ্থনত পোষ্ট দিয়া মুঠ ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ১৪ জন লোকৰ ভিতৰত বৰপেটা জিলাৰ এই দুই গৰাকী যুৱক আছে। বৰপেটাৰ দুয়োগৰাকী যুৱক এ আই ইউ ডি এফৰ নেতা। মাজিদুল ইছলামৰ জনীয়া সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক। বিধায়ক ৰফিকুল ইছলাৰ সৈতে মাজিদুল ইছলামৰ এখন ফটো সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।