গুৱাহাটী : ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হোৱা অসমত প্ৰতিদিনে জব্দ হৈছে প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ। ১০০ দিনত অসম আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ২০০ কোটি টকা মূল্যৰ ড্ৰাগছ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৯৬৪ জন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক। ৰুজু কৰা হৈছে ১১৪১ টাকৈ গোচৰ।

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনে অসমক ড্ৰাগছ মুক্ত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছৰে পৰা অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰি প্ৰতিদিনে জব্দ কৰিছে ড্ৰাগছ।

উজনিৰ পৰা নামনীলৈকে ৰাজ্যৰ প্ৰতিখন জিলাত চাল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ লগতে সম্পূৰ্ণ হৈছে অসম আৰক্ষীৰ ড্ৰাগছ বৰোধী অভিযানৰ ১০০ দিন।

অসম আৰক্ষীৰ এই ১০০ দিনীয়া ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীয়ে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। এক প্ৰকাৰ অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী সকলৰ কঁকাল ভাঙি পেলাইছে অসম আৰক্ষীয়ে।

ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত লোক সকলৰ বাবে মূৰৰ কামোৰণী হৈ পৰা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰতিদিনে প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে।১০০ দিনীয়া অভিযানত আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ২০০ কোটি টকা মূল্যৰ ড্ৰাগছ।

অসম আৰক্ষীৰ ফলৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে ১০০ দিনীয়া ড্ৰাগছ বিৰোধী অভিযানত মুঠ ১৯৭.৮৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। হে’ৰইন, গাঞ্জা, নিচাজাতীয় টেবলেট, ক’ফ চিৰাপ আৰু বিভিন্ন প্ৰকাৰৰ ড্ৰাগছৰ লগতে অসম আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে ৪ গ্ৰাম কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীৰ ১০০ দিনীয়া ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে ১৯৬৪ জন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী। ইয়াৰ লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ কবলৰ পৰা প্ৰায় ২ কোটি নগদ ধন জব্দ কৰিছে। আৰক্ষীয়ে ড্ৰাগছ সন্দৰ্ভত ১১৪১ টাকৈ গোচৰ ৰুজু কৰিছে ১০০ দিনত।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে এক ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী ৰূপায়ন কৰিছিল। গোলাঘাট, ডিফু, হোজাই আৰু নগাঁও জিলাত অসম আৰক্ষীয়ে পূৰ্বে জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলাই বিনষ্ট কৰিছিল। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে বৃহৎ পৰিমাণৰ জব্দকৃত ড্ৰাগছত অগ্নি সংযোগ কৰি ড্ৰাগছ বিনষ্ট কৰিছিল।