উত্তৰ প্ৰদেশ, ১৩ মেঃ মাদাৰ্ছ ডে, চিলড্ৰেন্স ডে আৰু বিভিন্ন ডে’ৰ বিষয়ে আপুনি জ্ঞাত৷ কিন্তু এইবাৰ উত্তৰ প্ৰদেশত শাসকীয় বিজেপি চৰকাৰে পালন কৰিব এক বিশেষ ডে৷ তাকো বছৰ বা মাহত নহয়, প্ৰতি সপ্তাহত এদিনকৈ পালন কৰিব ন’ বেগ ডে৷ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে প্ৰতি শনিবাৰে পালন কৰিব ন’ বেগ ডে৷ অৱশ্যে এই ন’ বেগ ডে পালন কৰা হ’ব উত্তৰ প্ৰদেশৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত৷ প্ৰদেশখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল শনিবাৰে বিদ্যালয়ত নিব নালাগে স্কুল বেগ৷ এতিয়াৰ পৰা বিদ্যালয়সমূহত শিক্ষাৰ্থীয়ে স্কুল বেগ অবিহনে শনিবাৰে শিক্ষা গ্ৰহণ কৰিবলৈ যাব৷ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মা আৰু শিক্ষা বিভাগৰ বিষয়াৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়৷ শিক্ষাৰ্থীসকলৰ ওপৰত দিনক দিনে বৃদ্ধি পোৱা কিতাপৰ বোজাৰ পৰা কিছু সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কও ভাল হোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰো বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছে৷ প্ৰতি শনিবাৰে ন’ বেগ ডে পালন কৰি বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক কিতাপৰ পৰা আঁতৰাই আনি খেল-ধেমালিৰ তথা বিভিন্ন আনন্দময় কার্যসূচীৰ ব্যৱস্থা কৰা হ’ব৷ কিছুদিন পূৰ্বে এক অনুষ্ঠানত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মাক ষ্টুডেন্টত ৱেলফেয়াৰৰ বিষয়াসকলে শিক্ষাৰ্থীসকলৰ ওপৰত থকা কিতাপৰ বোজা কম কৰাৰ পৰামৰ্শ দিছিল৷ ষ্টুডেন্টত ৱেলফেয়াৰৰ বিষয়াসকলৰ এই পৰামৰ্শক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দীনেশ শৰ্মাই শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হৈ শনিবাৰে ন’ বেগ ডে হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷