সোণতলী, ১৩ মেঃ দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ এগৰাকী আৰক্ষী বিষয়াই সাংবাদিকক আক্ৰমন কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিহুৰ চান্দা সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অবাঞ্চিত ঘটনাৰ অভিযোগ দিবলৈ গৈ এএচআই জয়নুৰ ৰহমানৰ আক্ৰমণত গুৰুতৰ ভাবে হয় সাংবাদিক বাবুল আহমেদ৷ প্ৰাপ্ত তথ্য মতে, বিহুৰ চান্দা সংগ্ৰহকলৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ সাংবাদিক গৰাকীয়ে উপস্থিত হয় আৰক্ষী চকীখনত৷ আৰক্ষী চকীত সেই সময়ত উপস্থিত থকা এএচআই জয়নুৰ ৰহমানে সাংবাদিকজনলৈ আঙুলি টোৱাই অভব্য আচৰণ কৰে৷ আৰক্ষীৰ বক্তব্য সাংবাদিক গৰাকীয়ে নিজৰ ম’বাইলেৰে অডিঅ’ ৰেকৰ্ডিং কৰিবলৈ লওঁতেই সাংবাদিক গৰাকীক শাৰিৰীকভাৱে প্ৰহাৰ কৰি দুখনকৈ কাণ ছিঙি দিয়ে৷ সাংবাদিক গৰাকীৰ দুয়োখন কাণেৰে প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত উদণ্ড আৰক্ষী বিষয়া জয়নুৰ ৰহমানে চিকিৎসালয়ত ভৰ্তি কৰায়৷ কিন্তু চিকিৎসকে ছুটি নিদিয়াকৈ ৰহমানে সাংবাদিক গৰাকীক পুণৰ আৰক্ষী চকীলৈ আনে আৰু ভুৱা গোচৰত অভিযুক্ত কৰি বাবুল আহমেদক জেললৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে৷ পিছত অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিয়ে সাংবাদিক গৰাকীৰ প্ৰকৃত দোষ জানিবলৈ বিচৰাত আচল তথ্য পোহৰলৈ আহে৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ সোণতলীতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ সাংবাদিক গৰাকী আৰক্ষী চকীত পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ সোণতলী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷