মানিকপুৰ, ৩ জুনঃ উৎকোচ দিয়া আৰু উৎকোচ লোৱা দুয়োটাই অপৰাধ, কিন্তু বৰ্তমান এই নিয়ম নাই৷ এতিয়া চৰকাৰী বিষয়াই অবৈধভাবে দাবী কৰা ধন নিদিয়াটোহে অপৰাধ। এনে এক ঘটনা সংঘটিত হৈছে বঙাইগাওঁ জিলাৰ নিকটৱৰ্ত্তী ভাণ্ডাৰাত । বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত  কিষান সেৱা কেন্দ্ৰৰ তেল ডিপুত আৰক্ষীৰ উপস্থিতিত পৰিমাপন বিদ্যা (মেট্টলজি) বিভাগে বন্ধ কৰি দিয়ে। ডিপুৰ মালিক শ্বাহ মামুদে জানিব দিয়া মতে বিষয়াজনে ১৪ হাজাৰ টকা উৎকোচ দাবী কৰে। কিন্ত সাত দিনৰ নৱীকৰণ কৰাৰ সময় থকাত টকা দিবলৈ অমান্তি হোৱাত বিভাগটোৱে অবৈধ ভাবে তেল ডিপুতো বন্ধ কৰি  দিয়ে। বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত থকা আসাম অইলৰ ডিপুটোৰ  ক্ষমতাৰ অপব্যৱহাৰ কৰি ছীল কৰি দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বেও বিষয়া জনে ধন লোৱাৰ অভিযোগ কৰিছে ডিপুটোৰ মালিকে। বিষয়াজনে চতুৰালি কৰি মেছিনৰ তাৰ ছিঙি ওলোটাই ডিপুটোৰ মালিকক তাঁৰ ছিঙি থকাৰ অভিযোগত তৰ্জন-গৰ্জন কৰি আৰক্ষীৰ উপস্থিতিত অবৈধ ভাৱে তেল ডিপুটো ছীল কৰি দিয়ে। ডিপুটোৰ মালিকৰ লগতে স্থানীয় লোকে চৰকাৰী বিষয়াৰ এই আচৰণৰ উচিত তদন্ত কৰি বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ দাবী উত্থাপন কৰিছে৷