ৰঙিয়া, ৩ জুনঃ ভূটানত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত হুৰাহুৰে বাঢ়িছে বৰলীয়া আৰু পুঠিমাৰী নদীৰ জলপৃষ্ট। ৰঙিয়াৰ দক্ষিণ বৰদলত বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াৰ পাছত এইবাৰ ৰঙিয়াৰ দ্বাৰকুছি লাচিতত উটুৱাই নিলে দুখনকৈ দলং। ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বাঁহৰ দলঙৰ লগতে উটুৱাই নিলে এখন কাঠৰ দলং। যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজৰ । বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ-ছাত্ৰী। আবদ্ধ হৈ পৰিছে গঞাঁ । দ্বাৰকুছি, গোৰেশ্বৰ সংযোগী দলং দুখনৰ অৰ্ধেক অংশ নদীৰ কোবাল সোঁতে উটুৱাই নিয়াৰ ফলত উপায়হীন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বৰলীয়া নদীক তুষ্ট কৰিবলৈ নৈৰ পাৰতে মূৰ দোৱাই প্ৰাৰ্থনা কৰিছে মহিলাসকলে।  চৰকাৰৰ সুমতিৰ বাবেও প্ৰাৰ্থনা এইসকল স্থানীয় লোকৰ। চৰকাৰ তথা জন প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ ৰাইজৰ। প্ৰায় ত্ৰিশ বছৰ পূৰ্বে নিৰ্মান কৰা এই কাঠৰ দলং খনৰ লগতে যাতায়তৰ একমাত্র আহিলা বাহঁৰ দলঙখনো  উটি গ’ল বাঢ়নী পানীত। এতিয়া দলং নিৰ্মাণৰ দাবীত গঞা আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে কৰিছে উত্তাল প্ৰতিবাদ। পৰিবৰ্তনৰ দোহাই দি গাদী দখল কৰা বিজেপি চৰকাৰ তথা জন প্ৰতিনিধিসকলৰ আহৰি নাই এইসকল নিৰিহ লোকৰ খবৰ ল’বলৈ। কি কৰিব, কি নকৰিব একো উৱাদিহ নাপাই ভগৱানৰ শৰণাপন্ন হৈছে এইসকল মহিলা ।