গুৱাহাটী, ২৩ আগষ্টঃ উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সৌজন্যত গুৱাহাটীৰ কৃষ্ণনগৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্য্যসূচীৰে এখনি কবি সন্মিলন অনুষ্ঠিত হয়৷ প্ৰমোদ চন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱা আৰু সচিব প্ৰধান প্ৰমোদ চন্দ্ৰ দাস৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংগঠনিক সম্পাদক হেমচন্দ্ৰ বৰ্মনে৷ সভাত হিতেশ চন্দ্ৰ কলিতাই সম্পাদনা কৰি উলিওৱা নিনাদ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বিশিষ্ট কবি ৰাম কুমাৰ বৰুৱাই৷ সভাপতিৰ ভাষণত প্ৰমোদ চন্দ্ৰ কাকতিয়ে উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি সন্মিলনৰ উত্তৰোত্তৰ কামনা কৰে৷ সভাৰ সৰ্বসন্মতি ক্ৰমে প্ৰমোদ চন্দ্ৰ কাকতিক সভাপতি আৰু হেমচন্দ্ৰ বৰ্মনক সম্পাদক হিচাপে লৈ ২১ জনীয়া দিশপুৰ শাখা সমিতিখন গঠন কৰা হয়৷ সভাত কৃষ্ণনগৰ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে সাতভনী নৃত্য, আধুনিক অসমীয়া নৃত্য, বড়ো নৃত্য, তিৱা নৃত্য, ৰাভা নৃত্য, ৰাভা হাচং নৃত্য, নেপালী নৃত্য, বৰগীত, আধুনিক গীত পৰিবেশন কৰে৷ কবি সন্মিলনখনত গুৱাহাটী মহানগৰ সাহিত্য সভাৰ উপসভানেত্ৰী সবিতা দেবী, বিশিষ্ট শিক্ষাবিদ দেবেশ্বৰ শৰ্মা, উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উপ সভাপতিদ্বয় জয়ন্ত বৰপূজাৰী, অতুল কুমাৰ শৰ্মা, সাপ্তাহিক প্ৰগজ্যোতিষ কাকতৰ প্ৰচাৰক ঘনশ্যাম শইকীয়া, অতিথি বক্তা তাপাধন দাস আৰু বিনয় কৃষ্ণ ঠাকুৰীয়াই বক্তব্য দাঙি ধৰে৷ শলাগৰ শৰাই আগবঢ়াই শিক্ষক বিজয় শৰ্মাই৷