মানিকপুৰ, ২৩ আগষ্টঃ বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাত অন্তৰ্গত পাৰেয়াপাৰা দক্ষিণৰ ৬নং খণ্ডৰ স্থানীয় লোকে বৈষম্যমূলক ভাবে সাহাৰ্য্য বিতৰণ কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাপ্ত তথ্য মতে, ঝাউবাৰী গাওঁ পঞ্চায়তৰ সদস্য অনিল দাসৰ সহযোগী সন্তোষ দাসে বৈষম্যমূলক ভাবে সাহাৰ্য্য বিতৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চাউল দাইলকে ধৰি পহুধনৰ খাদ্য চাপট বিতৰণত সন্তোষ দাসে অনিয়ম সংঘটিত কৰিছে৷ পাৰেয়া পাৰা উত্তৰ খণ্ডত দাসে ৬ কেজিকৈ সাহাৰ্য্য বিতৰণ কৰাৰ বিপৰীতে দক্ষিণ খণ্ডত ১৪০টা পৰিয়ালৰ কেইজনমান ব্যক্তিৰ মাজত ৫ টকাকৈ খৰচলৈ মাত্ৰ ১-২কেজিকৈ চাপট বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সন্তোষ দাসৰ এই বৈষ্যমমূলক ব্যৱহাৰে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ক্ষুদ্ধ জনতাই সাহাৰ্য্য বিতৰণত সন্তোষ দাসৰ বৈষম্যমূলক ভূমিকাৰ বিৰুদ্ধে দাসৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদত সাব্যস্ত কৰে৷