নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুলাই : ভাৰতৰ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত পলাতক অৱস্থাত থকা সুৰা ব্যৱসায়ী বিজয় মালিয়া ই তেখেতৰ ব্যক্তিগত আৰু পৰিয়ালৰ ব্যৱসায়িক সম্পত্তি হস্তক্ষেপ নকৰিবলৈ আৱেদন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়লৈ ।

জানিব পৰা মতে, ন্যায়ালয়ত দাখিল কৰা আবেদনত সুৰা ব্যৱসায়ীজনে কিংগফিছাৰ কোম্পানীৰে জড়িত সা-সম্পত্তি সমূহহে জব্দ কৰাৰ বিপৰীতে তেওঁৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱসায়সমূহ জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে।

বিজয় মালিয়া ৰ এই আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত ২৯ জুলাই সোমবাৰে গ্ৰহণ কৰা হ’ব৷ ইয়াৰ পূৰ্বে মালিয়া ৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱসায়ৰ তদন্ত আৰু জব্দ কৰাৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও বোম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰে৷ ইয়াৰ পাছতেই উচ্চতম ন্যায়ালৰ দাৰস্থ হয় বিজয় মালিয়া৷

২০১৯ৰ জানুৱাৰী মাহত প্ৰিভেনশ্যন অৱ মানী লণ্ডাৰিং এক্ট আদালতে বিজয় মালিয়াক আৰ্থিক পলাতকৰূপে ঘোষণা কৰিছিল। ইতিমধ্যে বিজয় মালিয়াৰ বিৰুদ্ধে আছে লগতে দেশৰ বেংকৰ পৰা ৯ কোটি টকাৰ ঋণ লৈ বিদেশলৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৬ চনত লণ্ডনলৈ পলায়ন কৰিছিল সুৰা ব্যৱসায়ী বিজয় মালিয়াই।