গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই : চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল হাতীগাঁও থানাৰ দুই উপ পৰিদৰ্শকসহ গৃহ আৰক্ষীৰ জোৱান । এগৰাকী মিজো মহিলাৰ পৰা ২০ লাখ টকা কাঢ়ি নিয়াৰ অভিযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে আটক কৰিছিল তিনিওকে ।

ধৃত আৰক্ষী বিষয়াদুজন ক্ৰমে হাতীগাঁও থানাৰ দুই উপ পৰিদৰ্শক, জন পাঠৰি, প্ৰাঞ্জল বৰা আৰু হোমগাৰ্ড বিপুল হাজৰিকা । উল্লেখ্য যে তাজ হোটেলৰ সমীপৰ পৰা আৰক্ষীৰ লোককেইজনে কাঢ়ি নিছিল টকাখিনি ।

চাকৰিৰ পৰা নিলম্বন কৰাৰ কথা জানিবলৈ দি সংবাদ মাধ্যমৰ আগত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে বিভাগৰ ফালৰ পৰা তদন্ত চলিব আৰু তাৰ পাছতে বিভাগৰ নিয়ম অনুসৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।