ৱামূলে’ মুকলি কৰিলে পূৰবী দহী আৰু মছালা লাচ্ছি

In ব্যৱসায়, ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ৯ ছেপ্তেম্বৰ : পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ চমুকৈ ৱামূল অৰ্থাৎ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবীয়ে আজি গুৱাহাটীৰ নেডফি সন্মিলন কেন্দ্ৰত পূৰবী দহী আৰু মছালা লাচ্ছি শীৰ্ষক দুবিধ নতুন খাদ্য সামগ্ৰী মুকলি কৰে।

অসমৰ সমবায় বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰধান সচিব বিশ্বৰঞ্জন ছামালে আনুষ্ঠানিকভাৱে এই সামগ্ৰি দুবিধ মুকলি কৰে। উল্লেখ্য যে পূৰবী হৈছে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ব্ৰেণ্ড নাম। ই হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে সৰ্ববৃহৎ সক্ৰিয় ডায়েৰী।

উল্লেখ্য যে ২০১৮ চনত পূৰবীয়ে ‘ছুইট লাচ্ছি’ শীৰ্ষক সামগ্ৰী বিধ মুকলি কৰাৰ পিছতেই চেনী বিহীন সামগ্ৰী উৎপাদনৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা চৰ্চালৈ আহে আৰু ইয়াৰ পিছতেই প্ৰায় এটা বছৰ পিছত মছালা লাচ্ছি মুকলি কৰা হয়। শেহতীয়াকৈ স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা উপভোক্তাৰ সংখ্যা তথা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই মছালা লাচ্ছি মুকলি কৰা হৈছে বুলিও প্ৰকাশ কৰিছে পূৰবী কৰ্তৃপক্ষই। জলকীয়া আৰু অন্যান্য বিভিন্ন মছলাৰ প্ৰয়োগেৰে প্ৰতিটো বতৰতেই খাব পৰাকৈ প্ৰস্তুত কৰা হৈছে এই মছালা লাচ্ছি।

ইতিমধ্যেই বজাৰত পূৰবীৰ মিঠা আৰু টেঙা দুয়োবিধ দৈয়েই যথেষ্ট জনপ্ৰিয়। ইয়াৰ পিছতো পূৰবী দহী নামেৰে বিশেষভাৱে ৪০০ গ্ৰামত ২৫ টকা পেকেটেৰে সজাই তোলা হৈছে এই নতুন দৈ।
গাখীৰ যদিহে পৰিস্কাৰ আৰু বিশুদ্ধ নহয়, তেন্তে ই ইয়াৰ গুণাগুণ হেৰুৱাই পেলায়। এই আপ্তবাক্য মানিয়েই পূৰবীৰ সকলো দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত সতেজ গাখীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবেই ৱামূলৰ সৈতে জড়িত হৈ থকা ১২০০০ ৰো অধিক দুগ্ধ কৃষকৰ পৰা ২০০ খনতকৈও অধিক গাওঁ পৰ্যায়ৰ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে দৈনিক দুবাৰকৈ গাখীৰ সংগ্ৰহ কৰা হয়।

কৃষকৰ সমবায় হিচাপে ৱামূলে ধাৰাবাহিকভাৱে বজাৰ প্ৰদান কৰিবলৈ পাই যথেষ্ট গৌৰৱান্বিত। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৱামূলৰ ডায়েৰীত প্ৰতিদিনেই ৬৫,০০০ লিটাৰকৈ গাখীৰ সংশোধন কৰা হয়।

সোমবাৰে দুয়োবিধ সামগ্ৰী মুকলি কৰি সমবায় মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয়, “ৰাজ্যত শ্বেত বিপ্লৱ অনাৰ ক্ষেত্ৰত পূৰৱী অৰ্থাৎ ৱামূলে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। ইতিমধ্যেই ৰাজ্যবাসীয়ে পূৰৱীক আদৰি লৈছে। ঠিক তেনেদৰেই অনাগত দিনতো আজি মুকলি কৰা এই নতুন দুবিধ সামগ্ৰীও ৰাইজে আদৰি ল’ব।”

Comments

comments

You may also read!

গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন ব্যতিক্ৰমী পশু প্ৰেমিকৰ বিশেষ পদক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। যুৱকজনৰ

Read More...

চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা ক্ৰমান্বয়ে বাঢ়ি আছে পেট্ৰল-ডিজেলৰ মূল্য

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : প্ৰতিদিনেই বাঢ়ি আছে পেট্ৰল আৰু ডিজেলৰ মূল্য । শাক-পাচলিৰ পাছতে পেট্ৰল আৰু ডিজেলৰ

Read More...

জনীয়া উপ-নিৰ্বাচনৰ বিজেপিৰ টিকট প্ৰত্যাশী মজিবৰ ৰহমান খানৰ দুৰ্নীতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

বৰপেটা, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে তেওঁৰ কার্যকালত সংঘটিত কৰা পৰ্বতসম

Read More...

Mobile Sliding Menu