গুৱাহাটী, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় “নেডা”ৰ সমাৰোহ । সমাৰোহত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ বিজেপি নেতৃত্ব। বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে এই সমাৰোহত। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুও উপস্থিত থাকে সমাৰোহত।

সমাৰোহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে ২০ বছৰ কেন্দ্ৰত থাকিব বিজেপি চৰকাৰ। ২০২১ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে অসমত আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব সৰ্বানন্দ সোণোৱাল। ২০২০ত বিটিএডিৰ নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফে একেলগে অৱতীৰ্ণ হ’ব বুলিও মন্তব্য কৰে হাগ্ৰামাই।