আব্দুল হক

নগৰবেৰা : বকোৰ মালিবাৰী পথাৰ বজাৰত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ দুৰৱস্থা৷ বিগত দহ বছৰে সম্পূৰ্ণ নহ’ল পানী যোগান আঁচনিৰ কাম৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত কেইবা শতাধিক ৰাইজ৷ কাৰ্যক্ষম হৈ নুঠা পানী যোগান আঁচনিৰ গৃহটো আৱৰি ধৰিছে জংঘলে৷

এফালে চলিছে জল জীৱন আঁচনিৰ কাম আনফালে বিগত দহ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত পানী যোগান আঁচনিৰ গৃহ আৱৰি ধৰিছে জংঘলে। কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত মালিবাৰী পথাৰ বজাৰত পানী যোগান আঁচনিৰ কাম দহ বছৰে সম্পূৰ্ণ নোহোৱাৰ ফলত অঞ্চলটোৰ কেইবা শতাধিক লোকে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে।

মালিবাৰী পথাৰ বজাৰৰ ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানীৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নথকাৰ ফলত ৰাইজে সেৱন কৰিছে খাল বিলৰ লেতেৰা পানী৷ ১ কোটি ৪৭ লাখ টকাৰ ব্যয় সাপেক্ষে মালিবাৰী পথাৰ বজাৰত দহ বছৰ পূৰ্বে বিশুদ্ধ খোৱা পানীৰ যোগানৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজি পৰ্যন্ত আঁচনিৰ কাম সম্পূৰ্ণ নহ’ল।

ৰাইজৰ অভিযোগ পানী যোগান আঁচনিৰ কামৰ ঠিকা লাভ কৰা ঠিকাদাৰজনৰ গাফিলতিৰ ফলতে পানীত পৰিল চৰকাৰৰ কোটি টকীয়া এই আঁচনিৰ৷ চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলাৰ বাবেই আঁচনিটোৰ এই অৱস্থা যাৰ ফল ভোগ কৰিছে সৰ্বসাধাৰন ৰাইজে৷ পানী যোগান আচঁনিটো শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে৷