আমিনুৰ ৰহমান

শিৱসাগৰ : শিৱসাগৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। শিৱসাগৰৰ পুৰণি চিভিল হাস্পতালত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷

শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিস্থিত মাতৃ সেৱা সদন নামৰ পুৰণি চিভিল হাস্পতালৰ মেটাৰনিৰ্টি ৱাৰ্ডত সংঘটিত দুপৰীয়াৰ ভাগত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। হাস্পতালখনৰ চৌহদত গোটাই থোৱা কাৰ্টুন, পেলনীয়া জাৱৰ জোঠৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

জাৱৰৰ পৰা সম্প্ৰসাৰিত জুইয়ে হাস্পতালৰ বাৰাণ্ডা স্পৰ্শ কৰে৷ অগ্নিকাণ্ডৰ পিছতে হাস্পতাল চৌহদত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷

হাস্পতালখনত ৰোগী চোৱা, অসুস্থ ৰোগীক ৱাৰ্ডত ৰাখি চিকিৎসা প্ৰদাণৰ সুবিধা থকাৰ লগতে শিশুৰ প্ৰতিষেধক জমা ৰখাৰ ভড়ালো আছে। বিট্ৰিছৰ আমোলতেই কাঠেৰে নিৰ্মিত হাস্পতালখনৰ মূল ভৱনত জুইয়ে স্পৰ্শ কৰা হ’লেই ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছিল৷