জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস। নিশা বিহালীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাখনো ঘৰ। কথমপি প্ৰাণ ৰক্ষা পৰিলে দুটাকৈ পৰিয়ালৰ লোকৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় বনৰীয়া হাতীয়ে।

বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস। বুধবাৰে নিশাৰ ভাগত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগিচাৰ ননকে বস্তিত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই কেইবাখনো ঘৰ লণ্ডভণ্ড কৰে। নিশা বনৰীয়া হাতীয়ে মহেন্দ্ৰ চিকাৰ আৰু জয়ন্ত শৰ্মা নামৰ দুজন লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে।

নিশাৰ মহেন্দ্ৰ চিকাৰ আৰু জয়ন্ত শৰ্মা নামৰ লোক দুজনৰ পৰিয়াল শুই থকাৰ ময়তে বনৰীয়া হাতীৰ জাকটো লোক দুজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ সকলো সামগ্ৰী লণ্ডভণ্ড কৰে। লোক দুজনৰ পৰিয়াল লোকে ঘৰৰ পৰা পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে। মোনাবাৰী চাহ বাগিচাৰ নতুন লাইনতো বনৰীয়া হাতীৰ জাকটোৱে তিনিজন লোকৰ ঘৰ লণ্ডভণ্ড কৰে।

উল্লেখ্য যে বিহালীৰ বিভিন্ন অঞ্চলত দীর্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে চলাই আহিছে। বনৰীয়া হাতীৰ জাকে খেতি পথাৰ বিনষ্ট কৰাৰ লগতে বহু মানুহৰ ঘৰ-দোৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে যদিও বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগ বিফল হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।