গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : গুৱাহাটীত ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত আটক ২ যুৱতী। যুৱতীৰ পৰা জব্দ ৩৪,১০০টা নিচাজাতীয় টেবলেট।  নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় ৩৪ লাখ টকা।  ডিমাপুৰৰ পৰা বিহাৰৰ আলিপুৰ দুৱাৰ হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে জব্ধ কৰা হয় টেবলেটখিনি ।

যুৱতী দুগৰাকীৰ নাম ক্ৰমে ছোমা পল আৰু সংগীতা মদক। ধৃত যুৱতী দুগৰাকীৰ ঘৰ পশ্চিমবংগৰ আলিপুৰ দুৱাৰত। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ ১ নং প্লেট ফৰ্মৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। ডিমাপুৰৰ পৰা আলিপুৰ দুৱাৰলৈ নিছিল সামগ্ৰীখিনি।

উল্লেখ্য যে এই সৰবৰাহৰ মাষ্টাৰ মাইণ্ড আছিল এইচ এ লস্কৰ ।
বঙাইগাঁওৰ ৰেল আৰক্ষীয়ে আটক কৰিছে এইচ এ লস্কৰক ।