নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : ৰাজ্যত এতিয়া চাৰিওফালে কেৱল বানৰ বিভীষিকাময় পৰিবেশ । ৰাজ্যৰ এই প্রলংকাৰী বানত ২০ লাখতকৈও অধিক শিশু বানৰ প্ৰভাৱত । কিন্তু এই দুৰ্যোগৰ সময়ত এতিয়াও অসম চৰকাৰৰ এই শিশুসকলৰ বাবে নাই প্ৰয়োজনীয় আঁচনি ।

শিশু সুৰক্ষা আৰু শিশু উন্নয়নৰ বাবে কাম কৰা এটা সংস্থা নৰ্থ ইষ্ট চ’চাইটি ফ’ৰ প্ৰমোচন অফ য়ুথ অফ মাছেছৰ এক সমীক্ষা অনুসৰি অসম ৰাজ্যিক দুৰ্যোগ আৰু ব্যৱস্থাপনা সংস্থাই দৈনিক বানপানীৰ তথ্য জাৰি কৰে যদিও সেই তথ্যত শিশু আৰু মহিলা বানত কিমান আক্ৰান্ত তাৰ কোনো সঠিক তথ্যৰ যোগান নধৰে । বানপীড়িত এই শিশুসকলৰ বয়সৰ লগতে তেওঁলোকৰ কোনো সঠিক তথ্য নাথাকে যাৰ বাবে চৰকাৰী এজেন্সি ,বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে শিশুসকলৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে সা- সুবিধাৰ ব্যৱস্থা কৰাত অসুবিধা আহি পৰে ।

বিগত দুই বছৰে বিভিন্ন সংস্থাই এ এছ ডি এমক এনে দুৰ্যোগৰ সময়ত শিশুসকলৰ সঠিক তথ্য যোগান ধৰিবলৈ অনুৰোধ জনাই আহিছে যদিও এ এছ ডি এময়ে এই তথ্য দিবলৈ বৰ্তমানলৈ সক্ষম হোৱা নাই । এ এছ ডি এময়ে বুধবাৰে জাৰি কৰা বানপানীৰ তথ্য অনুসৰি অসমৰ ২৯ জিলাৰ প্ৰায় ৫৮ লাখ জনসংখ্যা বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ ৪২৭ টা আশ্ৰয় শিবিৰত ডেৰ লাখতকৈ অধিক বানপীড়িত লোক আছে । কিন্তু বেছিভাগ আশ্ৰয় শিবিৰতে শিশুৰ বাবে নাই কোনো বিশেষ সা-সুবিধা । যোগান ধৰা নহয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যও । শিশুসকলৰ বাবে নাই কোনোধৰণৰ পঢ়া বা খেল-ধেমালিৰ বিশেষ ব্যৱস্থা। ইয়াৰোপৰি, দুগ্ধপান কৰোৱা মহিলাৰ বাবেও শিবিৰত নাই বিশেষ কক্ষ।

আনহাতে, এনে সময়তে চৰকাৰী সাহাৰ্য্যতকৈ আগতীয়াকৈ হাজিৰ হয় মানৱ সৰবৰাহকাৰী। কিয়নো এই সময়ছোৱাতে বানপীড়িত লোকসকল একপ্ৰায় দিশহাৰা হৈ পৰে । তেওঁলোকৰ ওচৰত নাথাকে কোনোধৰণৰ আশ্রয়স্থল, খাদ্য বা নিতান্তই প্ৰয়োজনীয় বয়-বস্তু । ইয়াৰে অজুহাত লৈ এচাম মানৱ সৰবৰাহকাৰীয়ে বানপীড়িত পৰিয়ালৰ শিশুৰ লগতে যুৱতীসকলক আশ্ৰয় বা সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে বানৰ সময়ত পৰিস্থিতিৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা শিশুসকলক বহু কৌশলেৰে ৰাজস্থান, হাৰিয়ানা, অন্ধপ্ৰদেশ, চেন্নাই, বাঙ্গালুৰু আৰু নতুন দিল্লীৰ দৰে ৰাজ্যত বিক্ৰী কৰে । অসম চৰকাৰৰ তথ্য অনুসৰি ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে ৰাজ্যৰ পৰা মুঠ ৮,৪৪৩ শিশু ৰাজ্যৰ পৰা নিৰুদ্দেশ হৈছে । ইয়াৰে ভিতৰত কেৱল ৪,৩৭৭টা নিৰুদ্দেশ হোৱা শিশুহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

ইমানৰ পাছতো ৰাজ্য চৰকাৰে এনে পৰিস্থিতিত এই শিশুসকলৰ ৰক্ষণবেক্ষণৰ স্বাৰ্থত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই । অসম আৰক্ষী তথা চৰকাৰে এই পৰ্যন্তলৈকে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে কোনো অভিযান বা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা দেখা পোৱা যোৱা নাই। আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ কেৱল মাত্ৰ কিছুমান জাননী জাৰি কৰাতেই সীমাবদ্ধ ।