গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুলাই : অসম ৰাজ্যিক চিৰিয়াখানা যেন এতিয়া বন্ধৰ পথত । চিৰিয়াখানাত এতিয়া দেখা পোৱা নাযায় বহু জীৱ-জন্তু।

বিভিন্ন সময়ত চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাৰ পশু-পক্ষীৰ সুৰক্ষাৰ হকে মেল-মিটিং, সংবাদ মেল আদিৰ জৰিয়তে মাত মাতি আহিছে । চিৰিয়াখানা সুৰক্ষা মঞ্চৰ অভিযোগ যে ২০১৭ চনৰ পৰা চিৰিয়াখানাৰ ডি এফ অ’ হিচাপে তেজাজ মৰিস্বায়ীয়ে দায়িত্ব লোৱাৰ পৰা জীৱ-জন্তুৰ অস্বাভাৱিকভাৱে বেমাৰ বৃদ্ধি হৈছে আৰু জন্তু মৃত্যুমুখত পৰিছে ।

ইয়াৰোপৰি চিৰিয়াখানাৰ ভিতৰত থকা একমাত্ৰ পশু চিকিৎসালয়ৰ সকলো বিভাগে অচল। আনহাতে, অনা অসমীয়া এক শক্তিশালী চক্ৰই চিৰিয়াখানাৰ জন্তু হত্যা কৰাৰ লগতে এই চক্ৰটোৱে চিৰিয়াখানাৰ অধীনত থকা ১৭৫ হেক্টৰৰ বিশাল ভূমি বিলাসী স্কুল আৰু বিলাসী ৰিজৰ্ট নিৰ্মাণৰ বাবে বহিৰাগত বনিক গোষ্ঠীৰ হাতত তুলি দিবলৈ কু-অভিসন্ধি ৰচনা কৰা বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চই অভিযোগ কৰে ।

ইফালে ২০১৮ চনত কেনাইন ডিচটেম্পাৰ নামৰ এবিধ ভাইৰাছ চিৰিয়াখানাত সংক্রমণ হোৱা বুলি ডি এফ অ’জনে বৰাপানীত থকা গৱেষণাগাৰে নিশ্চিত কৰিছে বুলি জনাইছিল। কিন্তু এই বাতৰি ভুৱা আছিল । কোনোধৰণৰ ভাইৰাছ সংক্ৰমণ হোৱাই নাছিল বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চিৰিয়াখানা সুৰক্ষা মঞ্চই প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭ চনৰ ১ ছেপ্টেম্বৰত চিৰিয়াখানাৰ মুঠ বন্যপ্ৰাণীৰ সংখ্যা আছিল ১২২৩ টা। ২০১৯ৰ হিচাপত ই হ’লগৈ ৪৭৩ টা। ইয়াৰোপৰি ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈ ৬০ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । অৰ্থাৎ এই দুবছৰত ৮১০ টা জীৱ-জন্তুৰ মৃত্যু হয়।

ইয়াৰোপৰি চিৰিয়াখানাত মুক্ত বিচৰণৰ বাবে ১২০০ হৰিণ এৰি দিয়া হৈছিল। কিন্তু নতুন ডি এফ অ’ জন অহাৰ পাছৰে পৰা হৰিণৰ সংখ্যা কমি আহিল । ডি এফ অ’জনে নিশা হৰিণ সমুহ বাহিৰলৈ লৈ যায় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যৱসায় চলাই থকাৰ অভিযোগ আছে বুলি আৰু ডি এফ অ’ জন আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ এজেন্ট বুলি অভিযোগ কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই ।

উপৰোক্ত বিষয়সমূহৰ ওপৰত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্যই কয় যে চিৰিয়াখানাৰ জন্তুসমূহ নিধন কৰা কার্যত চৰকাৰখন সম্পূৰ্ণৰূপে জড়িত আছে । চিৰিয়াখানা এতিয়া আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ ঘটি । ডি এফ অ’ জনকো চৰকাৰে সুৰক্ষা দি আহিছে । সেয়েহে ডি এফ অ’জনক অতি সোনকালেই অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰি জেলত থব লাগে।

চিৰিয়াখানা সুৰক্ষা মঞ্চই আৰ টি আইৰ জৰিয়তে প্ৰকাশ কৰা তথ্যবোৰ সঁচা হয় তেনেহ’লে ক’ত গ’ল চিৰিয়াখানাৰ বৃহৎ সংখ্যক জীৱ-জন্তু । চোৰাং চিকাৰীৰ লগত সঁচাকৈয়ে জড়িত আছে নেকি চিৰিয়াখানাৰ ডি এফ অ? এনেদৰেই যদি চিৰিয়াখানাৰ পৰা জীৱ-জন্তু নোহোৱা হৈ যায় তেনেহ’লে অতি সোনকালেই চিৰিয়াখানা শূণ্য হৈ পৰিব। বন্ধ হৈ যাব অসম ৰাজ্যিক চিৰিয়াখানা। চিৰিয়াখানাৰ নামত থাকিব মাত্ৰ চিৰিয়াখানাৰ চৌহদ । চাবলৈ পোৱা নাযাব জীৱ-জন্তু ।